গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে উদ্যোগপতি গৌতম আদানি ফৰ্বছৰ বিশ্বৰ ৰিয়েল-টাইম বিলিয়নেয়াৰ তালিকাৰ শীৰ্ষ ২০ গৰাকী ধনী ব্যক্তিৰ স্থানৰ পৰা অৱনমিত হৈ ২২ তম স্থানত উপনীত হৈছে। গৌতম আদানিৰ সম্পদ ২১.৭৭ শতাংশ অথবা ১৬.২ বিলিয়ন আমেৰিকান ডলাৰ হ্ৰাস পাইছে। শুক্ৰবাৰে দুপৰীয়া ১.২৩ বজাত (ভাৰতীয় সময়মতে) উদ্যোগপতিজনৰ বৰ্তমানৰ মুঠ সম্পত্তি হৈছে ৫৮১.১ বিলিয়ন আমেৰিকান ডলাৰ, আনহাতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২ বিলিয়ন আমেৰিকান ডলাৰ।
ইফালে, বৃহস্পতিবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আম্বানীয়ে ২০২৩ চনৰ ফৰ্বছ ৰিয়েল-টাইম বিলিয়নেয়াৰ তালিকাৰ দশম স্থানত থকা আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীক অতিক্ৰম কৰাত আদানী ১৫ তম স্থানলৈ অৱনমিত হৈছে। বৃহস্পতিবাৰে পুৱা, আম্বানীয়ে আদানিক অতিক্ৰম কৰি ৮৪.৩ বিলিয়ন আমেৰিকান ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে ফৰ্বছ তালিকাত বিশ্বৰ আটাইতকৈ ধনী ভাৰতীয় হিচাপে পৰিগণিত হয়।
Comments