গুৱাহাটী,৩ ফেব্ৰুৱাৰী:পাঁচ দশকৰ পিছত এখন জনপ্ৰিয় চলচ্চিত্ৰৰ ছিকুৱেল নিৰ্মাণ কৰাটো বৰ সাধাৰণ কথা নহয়। কিন্তু তাৰ পিছতো ‘ডাঃ বেজবৰুৱা ২’ক লৈ দৰ্শকৰ মাজত উৎসাহ হ্ৰাস হোৱা নাই । ‘ডাঃ বেজবৰুৱা’ৰ ছিকুৱেল শুকুৰবাৰে সমগ্ৰ অসমৰ লগতে দেশৰ কিছু প্ৰান্ততো মুক্তি লাভ কৰে।১৯৬৯ চনত মুক্তি পোৱা ‘ড° বেজবৰুৱা’ আজিলৈকে অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম ডাঙৰ হিট ছবি হিচাপে প্ৰতিষ্ঠিত হৈছিল ।
‘ডাঃ বেজবৰুৱা ২’ৰ পৰিচালনাৰ দায়িত্বত আছিল সদ্য প্ৰয়াত নিপন গোস্বামী । প্ৰযোজনা কৰিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়নে। নিপন গোস্বামীৰ উপৰি ছবিখনত আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ নিপন গোস্বামী, কিংকিনি গোস্বামী, মাধুৰীমা চৌধুৰী আৰু অৰুণ হাজৰিকাকে ধৰি আন বহুকেইজন ব্যক্তিয়ে অভিনয় কৰিছে।
এই ছিকুৱেলখনৰ চিত্ৰনাট্য লেখক ৰাজদ্বীপে কৈছিল,‘ডাঃ বেজবৰুৱাৰ দৰে জনপ্ৰিয় চিনেমাৰ ছিকুৱেল লিখাটো মোৰ লেখা কেৰিয়াৰৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান । মই কেতিয়াও ছিকুৱেল লিখিবলৈ চেষ্টা কৰা নাছিলো । মানুহে যি ধৰণৰ আশা কৰিছে সেয়া বৃহৎ।’বাংগালুৰু, নতুন দিল্লী, নয়ডা, হায়দৰাবাদ আৰু চেন্নাইতো মুক্তি দিয়া হৈছে ‘ডাঃ বেজবৰুৱা ২’। অহা সপ্তাহৰ পৰা মুম্বাই আৰু কলকাতাতো মুক্তি পাব।
Comments