গুৱাহাটী, ৪ ফেব্ৰুৱাৰীঃ পূব মণ্ডল আন্তঃ বিশ্ববিদ্যালয় হেণ্ডবল (পুৰুষ) টুৰ্ণামেণ্ট শনিবাৰে ইউনিভাৰ্চি অব চাইন্স এণ্ড টেকনোলজী মেঘালয় (ইউ এছ টি এম) ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই উদ্বোধন কৰে। ইয়াৰ লগতে, ডo বি কে দাস, প্ৰো ভিচি, ইউ এছ টি এম, প্ৰীতপাল সিং শালুজা, সাধাৰণ সম্পাদক, ভাৰতীয় হেণ্ডবল ফেডাৰেশ্যন, অশোক সিংহী, উপ-সভাপতি, ইষ্ট জ'ন হেণ্ডবল ফেডাৰেশ্যন অৱ ইণ্ডিয়া, উত্তম ব্ৰহ্ম, সচিব, অসম হেণ্ডবল সন্থা সহ অন্যান্য বিষয়া-কৰ্মচাৰী, ১৪ জন ৰেফাৰী, প্ৰশিক্ষক, পূব ভাৰতৰ ২৭ খন বিশ্ববিদ্যালয়ৰ মেনেজাৰ আৰু দলসমূহ উপস্থিত থাকে।
প্ৰতিনিধি আৰু খেলুৱৈসকলক আদৰণি জনাই অধ্যাপক জি ডি শৰ্মাই কয় যে, "দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে যোগদান কৰি একেলগে খেলাৰ উপৰিও পৰস্পৰে -পৰস্পৰৰ পৰা শিকিবৰ বাবে ইউ এছ টি এমে এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই ধৰণৰ পৰিৱেশে বৈচিত্ৰ্যৰ মাজত ঐক্যতা আনি দিয়ে। এই পৰিৱেশৰ মাজতে মই নিশ্চিত যে অংশগ্ৰহণকাৰী সকলো দলে অতি উৎসাহেৰে আৰু খেলুৱৈসুলভ মনোভাৱেৰে খেলিব, এটা দল হিচাপে ইতিবাচক মনোভাব অক্ষুণ্ণ ৰাখিব।"
ইপিনে, ইউ এছ টি এম আৰু এ আই ইউৰ পতাকা উত্তোলনৰ পিছতে ইউ এছ টি এম হেণ্ডবল দলৰ কেপ্টেইনে দ্বাৰা শপত বাক্য পাঠ কৰায়। প্ৰতিযোগিতাখন মুকলি কৰে ডাঃ বি কে দাসে। তেওঁ অংশগ্ৰহণ কৰা খেলুৱৈসকলক ডাঙৰ সপোন দেখা আৰু সেই সপোন পূৰণৰ বাবে নিৰলসভাৱে কাম কৰি যোৱাৰ বাবে উৎসাহিত কৰে। মুকলি সভাৰ শেষত জাতীয় সংগীত পৰিৱেশন কৰা হয়, ইয়াৰ পিছতে খেলসমূহ আৰম্ভ হয়।
এই প্ৰতিযোগিতাক অংশগ্ৰহণকাৰী দলসমূহ হৈছে, গুৰু ঘাসিদাস ভি বিলাসপুৰ, এছ এম ভি বাষ্টাৰ, এছ কে এম ইউ ডুমকা, ঝাৰখণ্ড, টি এম ভাগলপুৰ বিশ্ববিদ্যালয়, কল্যাণী বিশ্ববিদ্যালয়, মণিপুৰ বিশ্ববিদ্যালয়, হেমচান্দ যাদৱ ভি। দুৰ্গ , বীৰ কুঁৱৰ সিং বিশ্ববিদ্যালয় বিহাৰ, মুংগেৰ বিশ্ববিদ্যালয়, বঢ়মপুৰ বিশ্ববিদ্যালয়, উত্তৰ বংগ বিশ্ববিদ্যালয়, সন্ত গহীৰা বিশ্ববিদ্যালয়, এ কে এছ ইউ সতনা, এ পি এছ ইউ ৰেৱা, দক্ষিণ বিহাৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ডি ডি ইউ গোৰখপুৰ, বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, অটল বিহাৰী ভি. ইউ. বিলাসপুৰ, কলিকতা বিশ্ববিদ্যালয়, চি. এছ. ভি. টি. ইউ ভিলাই, উৎকল বিশ্ববিদ্যালয়, এছ এন পি ভি ৰায়গড়, আই চি এফ এ আই ত্ৰিপুৰা, এল এন মিথিলা বিশ্ববিদ্যালয়, পশ্চিমবংগ ৰাজ্যিক বিশ্ববিদ্যালয়, বৰ্ধমান বিশ্ববিদ্যালয় আৰু ইউনিভাৰ্চি অব চাইন্স এণ্ড টেকনোলজী মেঘালয়।
Comments