Cartoon
View Older
নলবাৰী,৪ ফেব্ৰুৱাৰী: নলবাৰীৰ সদৰ থানাৰ অন্তৰ্গত চেংনৈ গাৱঁত আজি উদ্ধাৰ কৰা হয় বহু মাৰনাস্ত্ৰ সহ বিষ্ফোৰক জাত সামগ্ৰী।
সেনাৰ গোপন তথ্যৰ ভিওিত আজি দুপৰীয়া নলবাৰী আৰক্ষী আৰু চিআৰপিএফৰ যৌথ প্ৰচেষ্টাত চেংনৈ গাৱঁৰ এখন হাবিৰ মাজত পুতি থোৱা অবস্থাত উদ্ধাৰ কৰা হয় মাৰনাস্ত্ৰ সহ পিস্তলৰ লগতে বিস্ফোৰক সামগ্ৰী।
উদ্ধাৰ কৰা মাৰনাস্ত্ৰ সমুহৰ ভিতৰত আছে সাতটা মেগজিন, ৬ টা পিষ্টল,ডিটেনেতৰ আদিকে ধৰি ৬০০ গ্ৰাম বিষ্ফোৰকৰ লাগতে ৰাইফল আৰু পিষ্টলৰ ১০৭ জাই সজিব গুলিৰ লগতে বহু আপত্তি জনক সামগ্ৰী।
Comments