গুৱাহাটী,৫ ফেব্ৰুৱাৰীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীৰ শিলসাঁকো বিলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে চলাই থকা উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে আৰু বিষয়ববীয়াসকলক বিভিন্ন নিৰ্দেশনা প্ৰদান কৰে। উল্লেখযোগ্য যে বিলখনৰ গভীৰতা বৃদ্ধিৰ বাবে জি এম ডি এৰ উদ্যোগত হাতত লোৱা পৰিষ্কৰণ আৰু খননৰ এক প্ৰকল্পৰ কাম পূৰ্ণগতিত অব্যাহত আছে।
গুৱাহাটী মহানগৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বাবে এক জলাধাৰ সৃষ্টিৰে এলেকাটোৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা, আৰ্দ্ৰভূমিখনৰ জলজ জীৱ তথা পক্ষীকূলক বৰ্তাই ৰখা তথা পাৰিৱেশিক ভাৰসাম্য বজাই ৰখাৰ বাবে ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ দ্ৰুত ৰূপায়ণত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে আজি সদৰী কৰে। চৰকাৰৰ এনে পদক্ষেপৰ সুফল হিচাপেই দীৰ্ঘকালৰ মূৰত এইবেলি ছাইবেৰীয়াৰ অতিথি পক্ষীৰ কাকলিৰে শিলসাঁকো বিলৰ বুকু মুখৰিত কৰি তোলাৰ কথাও তেওঁ উল্লেখ কৰে। আজিৰ এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰী সিংহলৰ সৈতে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা তথা অন্যান্য বিষয়াসকলো উপস্থিত আছিল।
Comments