গুৱাহাটী,৫ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বিহগুৰি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত "গুণোত্সৱ-২০২৩" কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিদ্যালয়খনত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে বিদ্যালয়খনৰ শ্ৰেণীকোঠা, অনাময় ব্যৱস্থা আদি আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা, শিক্ষকসকলৰ শিক্ষণ প্ৰণালী আদিও পৰ্য্যবেক্ষণ কৰে।
আজিৰ এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ লগতো বাৰ্তালাপ কৰে। বিদ্যালয় এখনৰ উন্নতি আৰু প্ৰগতিৰ বাবে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সমান্তৰালভাৱে সমাজৰ প্ৰতিগৰাকী নাগৰিকৰেই দায়িত্ব আছে বুলি মন্ত্ৰীগৰাকীয়ে এই বাৰ্তালাপৰ সময়ত উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান আৰু শৈক্ষিক ফলাফল উন্নতকৰণৰ লক্ষ্যৰেই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰতিবছৰে গুণোৎসৱৰ আয়োজন কৰি আহিছে বুলি উল্লেখ কৰি বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰীয়েই যাতে দেশৰ একোটি সম্পদ হৈ ভৱিষ্যতে সেৱা আগবঢ়াব পাৰে তাৰে বাবে নিষ্ঠাৰে শিক্ষাদান আৰু শিক্ষাগ্ৰহণত ব্ৰতী হ'বলৈ তথা এই প্ৰক্ৰিয়াত সহযোগিতাৰ হাত আগবঢ়াবলৈ তেওঁ সকলোকে আহ্বান জনায়।
Comments