গুৱাহাটী,৫ ফেব্ৰুৱাৰী:পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু । ডুবাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় প্ৰাক্তন ৰাষ্ট্ৰপতি তথা পাকিস্তানৰ প্ৰাক্তন সেনা বিষয়াগৰাকীৰ । দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল মুশ্বাৰফ । ডুবাইৰ আমেৰিকান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে ৭৯ বছৰ বয়সত মৃত্যু হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ । অৱশ্যে তেওঁৰ মৃতদেহ পাকিস্তানলৈ ঘূৰাই অনা হ'ব নে নাই কোনো আনুষ্ঠানিক তথ্য এতিয়া জানিব পৰা হোৱা নাই । তেওঁৰ পৰিয়ালে বিগত বছৰৰ পৰাই মুশ্বাৰফক পাকিস্তানলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি আছিল ।
উল্লেখ্য যে, বিশ্বৰ ইতিহাসত যিসকল শাসকে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকৰ ভিতৰত অন্যতম হৈছে পাকিস্তানৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুশ্বাৰফ ৷ সম্ভৱতঃ হিটলাৰৰ দৰেই কঠোৰ শাসক হিচাপে ইতিহাসত তেওঁৰ নাম ৰৈ যাব ৷ পাৰভেজ মুশ্বাৰফৰ জন্ম হৈছিল ১৯৪৩ চনত নতুন দিল্লীত ৷ ১৯৯৯ চনত এক অভ্যুত্থানত ক্ষমতা লাভ কৰা তেওঁ এগৰাকী পাকিস্তানী সেনা বিষয়া ৷ মুশ্বাৰফে ২০০১ চনৰ পৰা ২০০৮ চনলৈকে পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৷ ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত পৰিয়ালৰ সৈতে মুশ্বাৰফ দিল্লীৰ পৰা কৰাচীলৈ গৈছিল ৷ এগৰাকী কূটনীতিবিদৰ পুত্ৰ মুশ্বাৰফে ১৯৪৯ চনৰ পৰা ১৯৫৬ চনলৈ তুৰস্কত বাস কৰিছিল ৷
Comments