গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : জ্ঞানপীঠ বিজেতা প্ৰসিদ্ধ অসমীয়া লেখিকা ডঃ ইন্দিৰা গোস্বামী অৰ্থাৎ মামণি ৰায়ছম গোস্বামীৰ নিৰ্বাচিত সাহিত্য আৰু জীৱনক লৈ বিশ্বপ্ৰসিদ্ধ প্ৰকাশন প্ৰতিষ্ঠান ৰৌটলেজৰদ্বাৰা প্ৰকাশিত 'ইন্দিৰা গোস্বামী : মাৰ্জিনছ এণ্ড বিয়ণ্ড' শীৰ্ষক ইংৰাজী ভাষাৰ গুৰুত্বপূৰ্ণ গ্ৰন্থখনি কালি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ লেখিকাৰ নিজা বাসগৃহ চৌহদত অৱস্থিত দক্ষীণ-পূব এছীয় ৰামায়ণী গৱেষণা কেন্দ্ৰত গ্ৰন্থখনি সমৱেত বিশিষ্ট অতিথিত্ৰয় সৱিতা শৰ্মা, আনিছ উজ জামান, ৰাণী গোহাঁই আৰু গ্ৰন্থখনিৰ লেখক-অনুবাদকসকলে আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উন্মোচনী অনুষ্ঠানত উন্মোচক তথা মামণি ৰয়ছম গোস্বামীৰ ভগ্নী সৱিতা শৰ্মাই মামণি ৰয়ছমৰ ব্যক্তিগত আৰু সাহিত্য জীৱন তথা অন্যান্য প্ৰসংগ বিস্তাৰিতভাৱে উল্লেখ কৰে৷ আন দুগৰাকী উন্মোচক ৰাণী গোহাঁই আৰু আনিছ উজ জামানেও সভাত বক্তব্য আগবঢ়ায়৷ আনহাতে, লেখক-অনুবাদকৰ ফালৰপৰা ডঃ নিজৰা হাজৰিকা, ডঃ স্তুতি গোস্বামী আৰু ডেইজী বৰ্মনে মামণি ৰয়ছম গোস্বামীৰ নিৰ্বাচিত ৰচনা পাঠৰ উপৰি বক্তব্য আগবঢ়ায়৷
উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় অৰ্থাৎ ‘নেহু’ (NEHU)ৰ সহঃ অধ্যাপিকা ডঃ নম্ৰতা পাঠক আৰু কবি-অনুবাদক দিব্যজ্যোতি শৰ্মাৰ যুটীয়া সম্পাদনাত গ্ৰন্থখনিৰ গোলকীয় সংস্কৰণ যোৱা জুন মাহত ব্ৰিটেইনৰপৰা প্ৰকাশ পোৱাৰ পাছত ভাৰতবৰ্ষ, নেপাল, পাকিস্তান, শ্ৰীলংকা আৰু ভূটানৰপৰা দক্ষীণ এছীয় সংস্কৰণটি যোৱা নৱেম্বৰ মাহত প্ৰকাশ পাইছিল৷
গ্ৰন্থখনিত মামণি ৰয়ছম গোস্বামীৰ নিৰ্বাচিত কাহিনী (উপন্যাস আৰু গল্প) আৰু অকাহিনীৰ শ্ৰেষ্ঠাংশ (Extracts), তেওঁৰ জীৱন আৰু সাহিত্য কৰ্ম বিষয়ক বহুকেইটা পাণ্ডিত্যপূৰ্ণ লেখা, বিভিন্ন টোকাৰ উপৰি তেওঁৰ সৈতে সম্পন্ন তিনিটা সাক্ষাৎকাৰো অন্তৰ্ভুক্ত হৈছে৷ যুক্তৰাজ্যত মুখ্য কাৰ্য্যালয় থকা গোলকীয় প্ৰকাশন প্ৰতিষ্ঠান ৰৌটলেজৰদ্বাৰা ‘ৰাইটাৰ্ছ ইন
কনটেক্সট’ (Writer in Context) ছিৰিজৰ অংশ হিচাপে প্ৰকাশ পাইছে এই গ্ৰন্থ৷ এই ছিৰিজটোত দেশৰ বাৰগৰাকী প্ৰসিদ্ধ লেখকৰ সৃষ্টি আৰু অন্যান্য লেখা অন্তৰ্ভুক্ত হৈছে৷ স্বাধীনতাৰ পাছৰ বহুভাষিক ভাৰতীয় সাহিত্যৰ এগৰাকী গুৰুত্বপূৰ্ণ লেখক হিচাপে অ’. ভি. বিজয়ন, ফণীশ্বৰ নাথ ৰেণু, অমৃতা প্ৰীতম, মহাশ্বেতা দেৱী, কৃষ্ণা সোৱতী আদি মহান ভাৰতীয় লেখকসকলৰ একেশাৰীত ৰৌটলেজৰ ‘ৰাইটাৰ্ছ ইন কনটেক্সট’ ছিৰিজৰ ১২খন গ্ৰন্থৰ এখনৰূপে 'ইন্দিৰা গোস্বামী : মাৰ্জিনছ এণ্ড বিয়ণ্ড' শীৰ্ষক এই বিশেষ গ্ৰন্থখনি প্ৰকাশ পাইছে৷
'ইন্দিৰা গোস্বামী : মাৰ্জিনছ এণ্ড বিয়ণ্ড' ৰ প্ৰথম খণ্ডত অন্তৰ্ভুক্ত হৈছে উপন্যাস আৰু চুটিগল্পৰ নিৰ্বাচিত অংশৰ অনুবাদ৷ উপন্যাসৰ সংকলিত নিৰ্বাচিত অংশসমূহ লোৱা হৈছে ক্ৰমে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’, ‘নীলকণ্ঠী ব্ৰজ’, ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’ আৰু ‘অহিৰণ’ৰপৰা৷ আনহাতে, চুটিগল্পৰ সংকলিত নিৰ্বাচিত অংশসমূহ লোৱা হৈছে ক্ৰমে ‘যাত্ৰা’, ‘পশু’, ‘সংস্কাৰ’ আৰু ‘পৰশু পাতৰৰ নাদ’ৰপৰা৷ গ্ৰন্থখনিৰ দ্বিতীয় খণ্ড সজোৱা হৈছে মামণি ৰয়ছমৰ অকাহিনী ৰচনাৰে৷ সংকলিত অকাহিনীৰ শ্ৰেষ্ঠাংশসমূহ লোৱা হৈছে মামণি ৰয়ছমৰ ৯খন নিৰ্বাচিত ৰচনাৰপৰা৷ গ্ৰন্থখনিৰ তৃতীয় খণ্ডত অন্তৰ্ভুক্ত হৈছে মামণি ৰয়ছমৰ সাহিত্য কৃতি সম্পৰ্কীয় ডঃ হীৰেন গোহাঁই, আৰুণি কাশ্যপ আৰু নন্দিতা বসুৰ তিনিটা সমালোচনাত্মক প্ৰবন্ধ৷ তেনেকৈ চতুৰ্থ খণ্ডত অন্তৰ্ভুক্ত হৈছে অমিত ৰাহুল বৈশ্য, ধূৰ্জুটি শৰ্মা, প্ৰীতিমা শৰ্মা, মনবিন্দাৰ কৌৰ আৰু সংঘমিত্ৰা দেৰ পাঁচটি বিশেষ লেখা৷ পঞ্চম খণ্ডত অন্তৰ্ভুক্ত হৈছে বিভাস চৌহান, প্ৰীতিষ্ণা বৰ্মন-দ্বীজেন শৰ্মা, অৰূপ শৰ্মা, নিজৰা হাজৰিকা, ছাব্ৰীন আহমেদ, প্ৰসেনজিৎ দাস আৰু ৰত্নোত্তমা দাসৰ মামণি ৰয়ছমৰ সাহিত্য সম্পৰ্কীয় গৱেষণামূলক প্ৰবন্ধ৷ গ্ৰন্থখনিৰ ষষ্ঠ খণ্ডত সংকলিত হৈছে মামণি ৰয়ছম গোস্বামীৰ সৈতে তিনিটা বিশেষ সাক্ষাৎকাৰ৷ সাক্ষাৎ গ্ৰহণকাৰীসকল হ’ল— শুভজিত ভদ্ৰ, সঞ্জয় হাজিৰকা-গীতি সেন আৰু কুশল দত্ত৷ সপ্তম খণ্ডত অনুবাদ শিল্প সম্পৰ্কত মামণি ৰয়ছম গোস্বামী, উদ্দীপনা গোস্বামী, দিব্যজ্যোতি শৰ্মা আৰু পূৰৱী গোস্বামীৰ লেখা সন্নিৱিষ্ট হৈছে৷ অষ্টম অংশত মামণি ৰয়ছম গোস্বামীৰ চিঠি-পত্ৰ (অনুবাদ দিব্যজ্যোতি শৰ্মা) আৰু স্মৃতিচাৰণমূলক এটা লেখা (সৱিতা শৰ্মা, অনুবাদ লক্ষীপ্ৰিয়া গগৈ) সংকলিত হৈছে৷ উল্লেখ্য যে গ্ৰন্থখনিৰ মামণি ৰয়ছম গোস্বামীৰ অধিকাংশ ৰচনা অনুবাদ কৰিছে ক্ৰমে প্ৰদীপ আচাৰ্য্য, দিব্যজ্যোতি শৰ্মা, স্তুতি গোস্বামী, জ্যোতিৰ্ময় প্ৰধানী, গায়ত্ৰী ভট্টাচাৰ্য্য, অনিন্দিতা কৰ, জাহ্নু ভৰদ্বাজ আৰু ডেইজী বৰ্মনে৷
আশা কৰিব পাৰি বৰ্ণাঢ্য সজ্জাৰে প্ৰকাশিত গ্ৰন্থখন শিক্ষাবিদ, গৱেষকৰ উপৰি সৰ্বসাধাৰণ পঢ়ুৱৈৰ বাবেও এক গুৰুত্বপূৰ্ণ সম্পদ হৈ ৰ’ব। পাতে পাতে নিপুণ সম্পাদনাৰ স্বাক্ষৰ বহন কৰা সম্পাদকদ্বয় নম্ৰতা পাঠক আৰু দিব্যজ্যোতি শৰ্মাৰ *ইন্দিৰা গোস্বামী : মাৰ্জিনছ এণ্ড বিয়ণ্ড* নিঃসন্দেহে কেৱল অসম বা ভাৰতৰে নহয়, বিশ্বৰ অন্যান্য প্ৰান্তৰ সাহিত্যপ্ৰেমীৰ বাবেও এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে পৰিগণিত হ’ব বুলি আশা কৰিব পাৰি৷ বিশেষকৈ যি সময়ত চীনা মাণ্ডাৰিন, স্পেনিছ, ইংৰাজী বা হিন্দীৰ দৰে ভাষাই পৃথিৱীজুৰি আধিপত্য বিস্তাৰ কৰিছে, সেই সময়ত অসমীয়াৰ দৰে তুলনামূলকভাৱে কম ভাষাভাষীৰ এক ভাষাৰ অন্যতম শ্ৰেষ্ঠ সাহিত্য কণ্ঠ মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ এই বিশ্বমুখী যাত্ৰা গুৰুত্বপূৰ্ণ হিচাপেই বিবেচিত৷
অনুষ্ঠানটি সূচাৰুৰূপে আঁত ধৰে ডেইজী বৰ্মনে আৰু সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় দিব্যজ্যোতি শৰ্মাই৷
Comments