নলবাৰী,৫ ফেব্ৰুৱাৰীঃ এজন শিক্ষকে কৰ্মজীৱনৰ পৰা অৱসৰ পালেও সকলোৰে পৰম পূজনীয় ছাৰ হৈ থাকে। মৃত্যুৰ পিছতো ছাত্ৰৰ বুকুত, সমাজৰ চিত্ৰপটত অমৰ হৈ থাকে। পৱিত্ৰ শিক্ষাবৃত্তিৰ মহত্ব তাতেই। আজি নলবাৰী চহৰৰ প্ৰান্তীয় অঞ্চল বৰকুৰাত প্ৰজ্ঞাদীপ শাখা সাহিত্য সভা আৰু পৰিয়ালৰ উদ্যোগত বিশিষ্ট শিক্ষাব্ৰতী, সমাজ নিৰ্মাতা চন্দ্ৰনাথ শৰ্মাৰ জীৱন এষণীয় গ্ৰন্থ চন্দ্ৰজ্যোতি উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এইদৰে কয় বিশিষ্ট নাট্যকাৰ, সাহিত্যিক তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । মুনীন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত শৰ্মাই আকৌ কয় কিছুমান মানুহে সমগ্ৰ জীৱনটো ধন, সোণ ঐশ্বৰ্য উপাৰ্জন কৰে আৰু কিছুমানে জ্ঞান, প্ৰজ্ঞা আৰু মানুহৰ মৰম -প্ৰীতি উপাৰ্জন কৰে।
স্মৃতিগ্ৰন্থ সম্পাদক কিশোৰ দাসে আঁত ধৰা আৰু দীপক কুমাৰ শৰ্মাই শলাগ আগবঢ়োৱা অনুষ্ঠানটোত চন্দ্ৰ জ্যোতি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মাই। উন্মোচনী ভাষণত সাহিত্যিক পেঞ্চনাৰ শৰ্মাই কয় গুণী পিতৃৰ প্ৰতি সন্তানৰ এয়া পূণ্যঅৰ্ঘ ।। মানুহ স্মৃতি পৰায়ণ হব লাগে । যি স্মৃতিয়ে অন্তৰত সুখানুভূতিৰ আবিৰ সানে সেয়া অনন্য। শিক্ষাব্ৰতী চন্দ্ৰনাথ শৰ্মা চন্দ্ৰমাৰ দৰে উজ্জ্বল ব্যক্তি আছিল বুলিও তেখেতে উল্লেখ কৰে৷ নলবাৰী পৌৰসভাৰ উপ পৌৰপতি ডঃ ৰবীন দাসে প্ৰয়াত চক্ৰৱৰ্তীৰ সান্নিধ্যৰ সুবাসিত অতীতৰ আবেগিক ৰোমন্থন কৰে৷ সভাত স্মতি চাৰণ কৰে যুৱনেতা শৈলেন ভাগৱতী, অৱসৰী শিক্ষক অচ্যুত গোস্বামী, সমাজসেৱী নৃপাল বৰ্মা আদি বিশিষ্ট ব্যক্তিয়ে৷
Comments