Cartoon
View Older
গুৱাহাটী,৫ ফেব্ৰুৱাৰী:অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত আৰম্ভ হ’ল ৫জি ইণ্টাৰনেট সেৱা।দেওবাৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মুকলি কৰে এই নতুন প্ৰযুক্তিগত ইণ্টাৰনেট সেৱা।ইটানগৰত ৫জি সেৱা মুকলি কৰিছে এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ই।দুয়োটা টেলিকম কোম্পানীৰ ৫জি সেৱাৰ আৰম্ভণিয়ে শিক্ষা, স্বাস্থ্যসেৱা, কৃষি আৰু জনসেৱা প্ৰদানৰ ক্ষেত্ৰত ডিজিটেল সেৱাৰ ব্যৱহাৰত এক বিপ্লৱৰ সূচনা কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ।
তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ৰাজ্যখনৰ ষ্টাৰ্ট-আপ ইক’চিষ্টেম অসীমভাৱে উপকৃত হ’ব৷সেৱা মুকলিৰ সময়ত অৰুণাচল প্ৰদেশৰ তথ্য-প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰী ৱাংকি লোৱাং, মুখ্য সচিব ধৰ্মেন্দ্ৰ, জিঅ’ আৰু এয়াৰটেল (উত্তৰ-পূব)ৰ চিইঅ’সকলো উপস্থিত থাকে।
Comments