ধেমাজি, ৫ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ষ্ট্ৰাষ্ট চমুকৈ ’প্ৰতিশ্ৰুতি’ৰ উদ্যোগত আৰু ধেমাজি স্বাস্থ্য সমাজৰ সহযোগত ধেমাজিত যোৱা ৫ ফেব্ৰুৱাৰীত বিশ্ব ককৰ্ট দিৱস পালন কৰা হয় ৷
ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ তিনি শতাধিক আশা কৰ্মী, এনএম, অংগনবাড়ী কৰ্মীসকলৰ উপস্থিতিত আয়োজন কৰা সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী তথা‘প্ৰতিশ্ৰুতি’ৰ ‘ছেভ লাইভ ব্ৰেণ্ড এম্বেছাদৰ’ বৰষাৰাণী বিষয়াই “প্ৰতিশ্ৰুতিৰ ” স’তে কাম কৰিবলৈ পাই অত্যন্ত সুখী বুলি মত প্ৰকাশ কৰি নিজৰ অভিজ্ঞতাৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ কৰি জয়ী হোৱা সকলৰ লগতে সজাগতাৰ হকে কাম কৰি অহা সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু সন্মানীয় অতিথি হিচাপে বিশিষ্ট লোকসংগীতৰ শিল্পী জীনা ৰাজকুমাৰীয়ে অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি এই ৰোগৰ সজাগতাৰ মাজেৰে অনেক মৃত্যুৰ হাৰ ৰোধ কৰাটো সম্ভৱ বুলি বক্তব্য আগবঢ়ায়৷ ‘প্ৰতিশ্ৰুতি’ৰ যুটীয়া সম্পাদক ৰতন হাজৰিকা আৰু লাৱণ্য লাহনে আঁত ধৰা উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে ‘প্ৰতিশ্ৰুতিৰ’ উপ সভাপতি দীপালি শইকীয়াই ৷
অনুুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এএমচিএইচৰ পেথল’জি বিভাগৰ সহযোগী অধ্যাপক তথা ককৰ্ট ৰোগৰ বিশিষ্ট গৱেষক ডাঃ গায়ত্ৰী গগৈ, ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সৌৰভ গগৈ, ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বিনোদ বৰা আৰু ‘প্ৰতিশ্ৰুতি’ৰ উপশমী চিকিৎসাৰ আহ্বায়ক ডাঃ জি.এছ. বৰগোহাঁই উপস্থিত থাকি কৰ্কট ৰোগৰ বিভিন্ন দিশৰ লগতে চৰকাৰীভাৱে উপলব্ধ বিভিন্ন আঁচনি আৰু প্ৰতিৰোধৰ বাবে ল’বলগীয়া সাৱধানতা সম্পৰ্কত তত্ত্ব গধুৰ বক্তব্য ৰাখে ৷
অনুষ্ঠানত জীনা ৰাজকুমাৰীয়ে পৰিৱেশন কৰা লোকসংগীতৰ তালত অভিনেত্ৰী বৰষাৰাণী বিষয়াই নাচি-বাগি সকলোকে আপ্লুত কৰে৷ উক্ত অনুষ্ঠানতে সংগঠনটোৰ তৰফৰ পৰা ডাঃ জলি ৰাভাক ‘প্ৰতিশ্ৰুতি’ অংকল’জি কনছালটেন্ট এৱাৰ্ড’ উপস্থিত মুখ্য অতিথিৰ জৰিয়তে প্ৰদান কৰা হয়৷ বিগত বৰ্ষত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ধেমাজিৰ উমাকান্ত সোণোৱালৰ পত্নী পিংকুমনি নৰহৰ একমাত্ৰ সন্তানক চোৱা-চিতাৰ বাবে সহায়ক হোৱাকৈ বৰষাৰাণী বিষয়াই পাঁচ হেজাৰ আৰু এৰাঢলৰ অংগণবাড়ী সহায়িকা মনালী দত্ত ডেকা আৰু গোগামুখৰ এন.এম. মিলুমনি গগৈয়ে গাইপতি দুহেজাৰকৈ নগদ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷
Comments