গুৱাহাটী, ৬ ফেব্ৰুৱাৰীঃ বৰ্তমানলৈকে সকলোৱে নিশ্চয় বহুতো ৰবটক কাৰখানাত কাম কৰা, অপাৰেচন থিয়েটাৰত অস্ত্ৰোপচাৰ কৰা আৰু ৰেষ্টুৰেণ্টত খাদ্য পৰিৱেশন কৰা দেখিছে, কিন্তু শেহতীয়াকৈ এনে এটা ৰবট আৱিষ্কাৰ কৰা হৈছে যিয়ে, মানুহৰ দৰে জঁপিয়াব পাৰে। ই ৰবটটো আমেৰিকান কোম্পানী বষ্টন ডাইনামিক্সৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। এটলাছ নামৰ এই ৰবটটোৱে মানুহৰ দৰে জঁপিয়াব পাৰে। ইয়াৰোপৰি, আদেশ অনুসৰণ কৰিব পাৰে আৰু মানুহৰ দৰে কামবোৰত সহায় ল'ব পাৰে।
এটলাছ কোম্পানীৰ বিবৃতি অনুসৰি, ই ৰবটত বহুতো নতুন সুবিধা যোগ দিয়া হৈছে। এই ৰবটে বহুত ডাঙৰ কাঠৰ টুকুৰা তুলি ল'ব পাৰে। লগতে, কাঠৰ টুকুৰাৰে এটলছে দলং প্ৰস্তুত কৰিব পাৰে। ইয়াৰ লগতে আন বহুতো মানুহৰ দৰে কাম এই ৰবটে কৰিব পাৰে। বষ্টন ডাইনামিক্সৰ মতে, এই বিশেষ ৰবট দুৰ্যোগ বা জৰুৰীকালীন পৰিস্থিতিতো যথেষ্ট কাৰ্যকৰী হিচাপে প্ৰমাণিত হ'ব পাৰে।
Comments