Cartoon
View Older
গুৱাহাটী, ৬ ফেব্ৰুৱাৰীঃ অসম আৰক্ষীৰ আন এক ড্ৰাগছ বিৰোধী অভিযানত দেওবাৰে তেজপুৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে আৰক্ষীয়ে নিচাজাতীয় সামগ্রী সৰবৰাহৰে জড়িত ৫ জন লোক আটক কৰে। দেওবাৰে বৰঘাট আৰক্ষীয়ে এখন বাহনত তালাচী অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে। বাহনখনৰ পৰা আৰক্ষীয়ে প্ৰায় ১২ গ্ৰাম হেৰোইন, এডাল ৰড, চেইন-কাটিং সঁজুলি আৰু বহুতো অস্ত্ৰ উদ্ধাৰ কৰা হয়।
ইপিনে, আৰক্ষীয়ে আটক কৰা লোককেইজন ক্ৰমে ঢেকিয়াজুলিৰ বাসিন্দা হজৰত আলী আৰু চাহিল হুছেইন, গোলাঘাটৰ গুলজাৰ আহমেদ, কৰিমগঞ্জৰ আব্দুল হুছেইন আৰু ডিমাপুৰৰ ইনজান আলী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি জেৰা চলাই আছে।
Comments