Cartoon
View Older
গুৱাহাটী, ৬ ফেব্ৰুৱাৰীঃ বেংগালুৰুস্থিত সংগীতজ্ঞ ৰিকি কেজে ব্ৰিটিছ ৰক বেণ্ড দ্য পুলিচৰ ৰক-লেজেণ্ড ষ্টুৱাৰ্ট কোপলেণ্ডৰ সৈতে 'ডিভাইন টাইডছ'ৰ বাবে শ্ৰেষ্ঠ ইমৰ্চিভ অডিঅ' এলবামৰ বাবে সংগীত জগতৰ শ্ৰেষ্ঠ বঁটা গ্ৰেমী জয় কৰি ভাৰতবাসীক গৌৰৱান্বিত কৰিছে। ইয়াৰ সৈতে কেজ তিনিটা গ্ৰেমী বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ৬৫ তম বাৰ্ষিক গ্ৰেমী বঁটাত, দুয়োজনে শ্ৰেষ্ঠ ইমৰ্চিভ অডিঅ' এলবাম বিজয়ী শ্ৰেণীত গ্ৰামোফোন ট্ৰফী অৰ্জন কৰে।
লক্ষণীয় যে ইয়াৰ আগতে ৰিকি কেজে শ্ৰেষ্ঠ নতুন যুগৰ এলবাম শ্ৰেণীৰ অধীনত দুটা গ্ৰেমী বঁটা লাভ কৰিছে। ২০১৫ চনত তেওঁ এলবাম 'ৱিণ্ডছ অফ চামচাৰা'ৰ বাবে গ্ৰেমী জিকিছে, আৰু ২০২২ চনত তেওঁ এলবাম 'ডিভাইন টাইডছ'ৰ বাবে একেটা জয় লাভ কৰিছে।
Comments