ডিব্ৰুগড়, ৬ ফেব্ৰুৱাৰী: ডিব্ৰুগড় আৰক্ষীক বিপথে পৰিচালিত কৰিছিল লাহোৱাল আঠাবাৰীৰ ধৰ্ষণত অভিযুক্ত ভাইজানে। কালি ভাইজানে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকক দেখুওৱা ক্ৰাইম চিন সচাঁ নাছিল।আঠাবাৰী বাগিচাত নহয় বাগিচাৰ কাষৰ বৃহৎ পুখুৰীৰ মাজত নিৰ্জন জংঘলৰ মাজত সংঘটিত কৰিছিল জঘণ্য বলৎকাৰৰ ঘটনা।
আজি অভিযুক্ত ভাইজানৰ পৰিৱৰ্তে কিশোৰী গৰাকীক লাহোৱাল আৰক্ষীৰ এটা দলে পুনৰ ক্রাইম চিন বিচাৰি লৈ যোৱাতহে ওলাইছে ঘটনাৰ আচল ঠাই। মানুহ মাৰি পেলাই দিলেও দূৰ- দূৰলৈ আন মানুহে গোন্ধ নোপোৱা এক নিৰ্জন ঠাইত নি ভাইজানে কিশোৰী গৰাকীক দুদিন ধৰি ধৰ্ষণ কৰা বুলি প্ৰকাশ কৰিছে কিশোৰী গৰাকীয়ে। আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক বিপথে পৰিচালিত কৰিব পৰা ভাইজানৰ অপৰাধ প্ৰৱনতা যেন তাতেই বুজিব পাৰি।
আজি কিশোৰী গৰাকীৰ পৰা ক্ৰাইম চিনত উপস্থিত হৈ আৰক্ষীয়ে তথ্য সংগ্রহ কৰি জানিব পাৰিছে, যোৱা শুক্ৰবাৰে আবেলি প্ৰায় ৪ বজাত ভাইজানে কিশোৰী গৰাকীক লৈ গৈছিল। প্ৰথমে ভাইজানে পোহৰ থকা অৱস্থাত বাগিচাৰ মাজত এঠাইত থৈ পাছত আন্ধাৰ নামি অহাত এই দূৰ্গম ঠাইত লৈ গৈ দিনে নিশাই পেলাই থৈ সংঘটিত কৰিছিল জঘণ্য ঘটনা।
ইফালে কিশোৰী গৰাকীৰ মাতৃয়ে নিজ কন্যাক বিচাৰি হাবাথুৰি খাই উক্ত ঠাই সমূহত বিচাৰি ফুৰিছিল। কোনো লোকে মাতৃক কিশোৰী গৰাকীৰ ভাইজানৰ সৈতে শুক্ৰবাৰে আবেলি অগা-ভেটা হোৱা দেখা পোৱা বুলিয়ো অৱগত কৰিছিল। আনকি অসহায় মাতৃয়ে সেই দুৰ্গম ঠাইৰ ওচৰৰ পৰাও ঘূৰি আহিছিল।
অৱশেষত শনিবাৰে সন্ধ্যা প্ৰায় ৭ বজাত মাতৃয়ে কন্যাৰ নামলৈ চিঞৰি চিঞৰি বিচাৰি ফুৰাত কঁপা কঁপা মাতেৰে টিলাৰ মাজৰ ঠাইদোখৰৰ পৰা কিশোৰী গৰাকীৰ মাত ভাহি আহিছিল। উধাতু খাই মাতৃয়ে হাতত থকা মোবাইলৰ টৰ্চ জ্বলাই নিজ কন্যাক প্ৰায় অচেতন অৱস্থাত হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে আজি নতুন ক্ৰাইম চিনৰ সেই টিলা সদৃশ ঠাইৰ পৰা আপত্তি জনক সামগ্রী সহ মদৰ বটল, গুটকাৰ পেকেট, কম্বল, কেক- চানাৰ পেকেট, ইত্যাদি উদ্ধাৰ কৰিছে।
আনহাতে লম্পট ভাইজান আলিৰ সৈতে ফজল আলি নামৰ এটা পাষণ্ডকো গ্ৰেপ্তাৰ কৰিছে যদিও সহযোগ আগবঢ়োৱা কেইবাজনো পলাই আছে। ইতিমধ্যে ভয়ংকৰ জঘণ্য ঘটনাৰে জড়িত ভাইজান আলি লগতে সহযোগিতা আগবঢ়োৱা সকলৰ ফাচি দাবী উৎথাপন কৰিছে সচেতন ৰাইজে।
ইফালে আজি ডিব্ৰুগড় লাহোৱালৰ জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনাৰ সন্দৰ্ভত দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা মহিলা কেইগৰাকী পাষণ্ড ভাইজান আলিৰ মাতৃ আৰু বৌয়েক বুলি জানিব পৰা গৈছে । এলিজা বেগম আৰু ফৰিদা বেগম নামৰ দুগৰাকী মহিলাই ধৰ্ষণ কাণ্ড গাপ দিয়াৰ চেষ্টা কৰি ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীৰ মাতৃক ভাবুকি আৰু প্ৰহাৰ কৰিছিল।
আজি লাহোৱাল আৰক্ষীয়ে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰে।ইতিমধ্যেই এই ধৰ্ষণ ঘটনাৰে জড়িত মুল অভিযুক্ত ভাইজান আলি লগতে আন এজন অভিযুক্ত চফৰ আলিক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আনহাতে অজয় লোহাৰ নামৰ আন এজন যুৱককো আৰক্ষীয়ে আটক কৰি ৰাখিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যেই লাহোৱাল আৰক্ষীয়ে লাহোৱাল PS Case no 27/23 US 376(3) IPC,RW section 6 of POCOS act ৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Comments