Cartoon
View Older
বিলাসীপাৰা, ৬ ফেব্ৰুৱাৰী : বিলাসীপাৰাৰ মামা বজাৰত অনুষ্ঠিত নামনি অসমৰ ইজতেমা সুকলমে সম্পন্ন। প্ৰায় ১৫ লাখ ইছলাম ধৰ্মাৱলম্বী লোক সমাবেত হোৱা ইজতেমাৰ আখেৰি মুনাজাত অনুষ্ঠিত হয় আজি পুৱা ১০.৪৫ বজাত।
নামনি অসমৰ উত্তৰ-পূৱ ইজতেমাৰ অন্তিম দিনত মুনাজাতত অংশ গ্ৰহণ কৰে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অগণন ইছলাম ধৰ্মাৱলম্বী লোক। ৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ইজতেমাৰ আখেৰি মুনাজাতত বিশ্ব শান্তি কামনাৰ উদ্দেশ্যে দু'আ প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে।
Comments