নলবাৰী,৬ ফেব্ৰুৱাৰী: নলবাৰীৰ শ্ৰী শ্ৰী বাবা দুধনাথ বিগ্ৰহ খাৰঝাৰা আশ্ৰমৰ সমীপত নিৰ্মান হৈছে সু উচ্চ শিৱ মূৰ্তি।ইয়াৰ উচ্চতা ৯১ ফুট।বিশ্বৰ ষষ্ঠ তথা অসমৰ সৰ্বোচ্চ ওখ এই শিৱ মূৰ্তি নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণ দান সমবায় সমিতিৰ উদ্যোগত ইয়াৰ শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাৰঝাৰা আশ্ৰমৰ সমীপৰ শ্মশান ভূমিত নিৰ্মাণ কৰা হৈছে।
বিশ্বৰ ষষ্ঠ তথা অসমৰ সৰ্বোচ্চ এই শিৱ মূৰ্তিটো প্ৰতিষ্ঠা আৰু উন্মোচন কৰা হব অহা ১৮ ফেব্ৰুৱাৰীৰ মহা শিৱৰাত্রীৰ দিনা।
চিমেণ্ট আৰু শিলেৰে এই সু উচ্চ শিৱ মূৰ্তি নিৰ্মাণ কৰিছে খনিকৰ প্ৰদীপ পালে।এই সু উচ্চ শিৱ মূৰ্তি উন্মোচন হোৱাৰ পিছতে ৰাজ্যখনৰ পৰা হেজাৰ ভক্ত, দৰ্শনাৰ্থীৰ সমাগম ঘটাৰ আশা আছে।আজি মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সংবাদ মেল সম্বোধন কৰি উদ্যোক্তা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কয়-এছিয়া মহাদেশৰ ভিতৰত ষষ্ঠ স্থান অধিকাৰ কৰিব এই সু উচ্ছ শিৱ মূৰ্তিয়ে।
এই মূৰ্তি নিৰ্মাণত মুঠ ৪০ লাখ টকা ব্যয় হৈছে।ভক্তৰ আকৰ্ষণ বৃদ্ধি আৰু থকাৰ বাবে এই অঞ্চলখিনিত আবাসী ঘৰ,বৈদ্যুতিক কাৰুকার্য,বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম কৰা হ’ব।এই সংবাদ মেলত যুটীয়া সাধাৰণ সম্পাদক যোগেশ্বৰ গোস্বামী আৰু অনুপ দাস উপস্থিত আছিল।ইপিনে খনিকৰ প্ৰদীপ পালে জনোৱা মতে ২০২০ চনৰ পৰাই শিৱ মূৰ্তি নিৰ্মাণৰ কাম চলিছিল আৰু ২০ গৰাকী কৰ্মচাৰী এই মূৰ্তি নিৰ্মাণত নিয়োজিত হৈ আছে।।
Comments