নলবাৰী,৬ ফেব্ৰুৱাৰীঃ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজ আৰু হস্পিতালৰ লগত সংযুক্ত কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালৰ মেডিচিন বিভাগৰ বহি:বিভাগটো বন্ধ কৰি ৰোগী সকলৰ মাজত যি হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে এইক্ষেত্ৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰা লগতে অসম চৰকাৰৰ মন্ত্ৰী , নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে স্বাস্থ্য বিভাগৰ এই হঠকাৰী সিদ্ধান্ত ধিক্কাৰ দিছে ।
অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নলবাৰী জিলা উপায়ুক্তৰ সঞ্চালনাত যোৱা ২৯ ডিচেম্বৰ ২০২২ তাৰিখে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় আৰু নলবাৰী মেডিকেল কলেজ আৰু হস্পিতালৰ লগত সংলগ্ন কৰা বিষয়টো নলবাৰী বিভিন্ন জাতীয় দল সংগঠনে বিৰোধিতা কৰা বিষয়ৰ ওপৰত নলবাৰী জিলাৰ উপায়ুক্তৰ প্ৰেক্ষা গৃহত নলবাৰী জিলাৰ ২১ টা জাতীয় দল সংগঠনৰ বিষয়ববীয়া সকলৰ লগত আলোচনাত ৰাজহুৱা ভাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ পৰা নলবাৰী মেডিকেল কলেজ আৰু হস্পিতালখন মুকলি কৰিব লাগিলে কেৱল মাতৃ- শিশু বিভাগ টো স্থানান্তৰ কৰা হ’ব বুলি কোৱাৰ পিছত জাতীয় দল সংগঠন বোৰে মাতৃ-শিশু বিভাগটো ৰাখিব লাগিব বুলি কোৱাত মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীৰ লগত আলোচনা কৰি বিবেচনা কৰা হ’ব বুলি ৰাজহুৱা ভাৱে কয়৷ বৰ্তমান চিকিৎসালয়খনৰ পৰা সৰ্বসাধাৰণৰ বাবে ইতিমধ্যে থকা সেৱা সমূহ উপলব্ধ থাকিব বুলি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে৷
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই কয় যে, ২০০ খন বিছনাযুক্ত শ্বহীদ মুকুন্দ কাকতি অসামিক চিকিৎসালয়খনৰ সেৱা অটুট ৰখাৰ দাৱী জনোৱাৰ লগতে স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰা দাবীত অতিশীঘ্ৰে নলবাৰী সৰ্বসাধাৰণ ৰাইজক লৈ তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি কয় ।
নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালৰ অধীক্ষকক স্বাক্ষৰ জাননী আৰি ৰোগী সকলৰ বাবে মেডিচিন বহি: বিভাগ বন্ধ কৰি মেডিকেলখনৰ পৰা বিভিন্ন সা সজুলিবোৰ উঠাই লৈ যোৱা কাৰ্য বন্ধ কৰি পূৰ্বৰ দৰে ৰাখি সেৱা আগৱঢ়োৱাৰ বাবে দাবী জনায়। লগতে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাল মুকলি কৰা কাৰ্য্যক আদৰনি জনাই তাৰ সকলো বিভাগ অতিশীঘ্ৰে কাৰ্যকৰী কৰি ছাত্ৰ ছাত্ৰী সকলো পাঠদান আৰম্ভ কৰা বাবে দাবী জনায় ।
Comments