গোলাঘাট, ৬ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই
আহি গোলাঘাট জিলাৰ বিভিন্ন স্থানত অবস্থান কৰা গড়টো অৱশেষত আজি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঢ়লি পৰিল । আজি বিয়লি গড়টো গোলাঘাটৰ বগৰীজেঙ অঞ্চলত অবস্থান কৰি থাকোতেই ভৰিত গুৰুতৰ ভাবে আঘাত পাই বিয়লি প্ৰায় ৫-৩০ বজাত ঢ়লি পৰে ।
উল্লেখযোগ্য যে বিগত পাঁচদিনৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই গড়টো প্ৰথমে জিলাখনৰ দেৰগাঁও নাহৰনি মাজগাঁৱ আৰু বেজগাৱত ৰাইজে প্ৰত্যক্ষ কৰিছিল । ৰাইজে বন বিভাগক এই বিষয়ে অবগত কৰিছিল যদিও একাংশ ৰাইজৰ খেদা খেদিত পাছদিনা গড়টো পালেগৈ দক্ষিণে শ্বেয়াৰ ।
দক্ষিণহেঙ্গেৰাটো অনুৰূপ দৰে একাংশ অবিবেচকী লোকৰ অত্যাচাৰৰ বলি হ'ল গড়টো । বিশেষকৈ গোলাঘাট বন বিভাগৰ লোকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই গড়টো পুনৰ খেদি পঠিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও একাংশ অচেতন লোকৰ খেদাখেদিৰ বাবে গড়টো দিকভ্ৰস্ত হৈ অধিক হিংস্ৰ হৈ পৰিল ।
ফলত গড়টোৱে মানুহলৈ চোচা লৈ দক্ষিণহেঙ্গেৰা অঞ্চলতে জিলা বন সংমণ্ডল বিষয়া গৰাকীৰ লগতে এজন বনকৰ্মী আৰু দুজন সাধাৰণ লোকক আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰি মুঠ ৭ জন লোকক আক্ৰমণ কৰে । ইয়াৰ পাছত গড়টো দক্ষিণ হেঙ্গেৰাৰে বৰটিং নাওশলীয়াত উপস্থিত হয়গৈ ।
তাতো একাংশ ৰাইজৰ চিঞৰ বাখৰৰ লগতে খেদা খেদি কৰাৰ প্ৰকোপত গড়টোৱে কালি পদুমনি অঞ্চলত অবস্থান কৰিছিল যদিও আজি আহি বগৰীজেঙত উপস্থিত হয়হি । বগৰীজেঙত ৰাইজে ভাগৰুৱা গড়টোৰ এটা ভৰিত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা প্ৰত্যক্ষ কৰে ।
জানিব পৰা মতে গড়টোৰ আঘাতপ্ৰাপ্ত ভৰিটোৰ পৰা অত্যন্ত ৰক্তক্ষৰণ হোবাও ৰাইজে প্ৰত্যক্ষ কৰে । বিয়লিলৈ এখন পথাৰত অবস্থান কৰি থকা অবস্থাত গড়টো ঢ়লি পৰা বুলি জানিব পৰা গৈছে । মনকৰিবলগীয়া যে বন বিভাগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত জিলা প্ৰশাসনে ৪ ফেব্ৰুৱাৰীত পদুমনি দেৰগাঁও অঞ্চলত ১৪৪ ধাৰা জাৰি কৰে । কিন্তু ১৪৪ ধাৰাকো অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ উদণ্ড লোকে গড়টোক খেদা খেদি কৰি ফুৰে । ফলত গড়টোৱে যেনি তেনি পলাই ফুৰি আজি আঘাতপ্ৰাপ্ত হয় ।
গোলাঘাট বনবিভাগে উৰ্দ্ধতম কতৃপক্ষৰ লগত যোগাযোগ কৰি গঁড়টো উদ্ধাৰ কৰি পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ওভতাই পঠিওৱাৰ কথা চিন্তা চৰ্চা কৰিছে যদিও আজি পাঁচদিনে বন বিভাগে একোৱেই কৰিব পৰা নাই । আনকি জিলা প্ৰশাসনেও ১৪৪ ধাৰা জাৰি কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উঠিছে । জিলা প্ৰশাসনৰ এনে অমনোযোগিতাৰ বাবে এতিয়া গড়টো একাংশ লোকৰ জিজ্ঞাংসাৰ বলি হোৱা সম্ভাৱনা আহি পৰিছে ।
Comments