গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ হাউচ অৱ কমন্সত 'ভগৱৎ গীতা'ৰ ওপৰত হাত ৰাখি সংসদ সদস্য হিচাপে শপত গ্ৰহণ কৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে প্ৰধানমন্ত্ৰী হিচাপে ১০০ দিন সম্পূৰ্ণ কৰিছে। এই উপলক্ষে, এক সাক্ষাৎকাৰত, তেওঁ প্ৰেম জীৱনৰ বিষয়ে বহুতো আকৰ্ষণীয় কথা ব্যক্ত কৰিছে। তেওঁ কৈছে যে, "যেতিয়া মই মোৰ পত্নীক প্ৰস্তাৱ দিছিলো, তেতিয়া মই আঁঠু কাঢ়ি লৈছিলো। ইনফোচিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ জীয়ৰী তথা পত্নী অক্ষতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কৈছে যে, "তেওঁ মোৰ জীৱনৰ আটাইতকৈ বেছি সমৰ্থন কৰা ব্যক্তি। মোৰ পত্নী অক্ষতাৰ সহায়ত মই ভালকৈ কামবোৰ কৰি যাবলৈ সক্ষম হৈছো।"
মই আমেৰিকাত পঢ়ি থকা সময়ত অক্ষতাক লগ পাইছিলো। তেতিয়া মই অক্ষতাৰ প্ৰেমত পৰিছিলো, আঁঠু কাঢ়ি ৰোমান্টিকভাৱে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিলো। মই অক্ষতাক আটাইতকৈ বেছি গুৰুত্ব দিও। কিয়নো পত্নীৰ সমৰ্থন অবিহনে মোৰ বাবে কোনো কাম সম্ভৱ নহ'লহেঁতেন। মই ব্ৰিটিছ জনসাধাৰণৰ জীৱন উন্নত কৰিবলৈ সংকল্পবদ্ধ আৰু ইয়াক উন্নত কৰিম। ইয়াৰ বাবে, মই দিন-ৰাতি কাম কৰি আছো।"
Comments