গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ অহা ২৪ ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া নতুন অসমীয়া চিনেমা ব্লেক এন হোৱাইটত কণ্ঠশিল্পী গীতাঞ্জলি দাসে কণ্ঠদান কৰা "কবিৰাজ" গীতটি ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হয়। গুৱাহাটীৰ চান্দমাৰীত ১০০ ৰো অধিক লোকৰ উপস্থিতিত গীতটি মুকলি কৰা হয়।
অনুষ্ঠানটোত চলচ্চিত্ৰখনৰ পৰিচালক ধনজিৎ দাসে কয়, "আজি আমাৰ চিনেমাৰ গানটো মুকলি কৰি মই সঁচাকৈয়ে অতি আনন্দিত হৈছোঁ। অহা ২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিবলগীয়া নতুন অসমীয়া চিনেমাখনে দৰ্শকক ছাচপেন্স, থ্ৰিলাৰ আৰু একচন পেকেজেৰে সম্পূৰ্ণ মনোৰঞ্জন আগবঢ়াব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ, আৰু আমি আশাবাদী যে দৰ্শকেও আগ্ৰহেৰে চিনেমা খন উপভোগ কৰিবলৈ চিনেমা হলৰ মজিয়াত ভিৰ কৰিব।"
ইপিনে, কণ্ঠশিল্পী গীতাঞ্জলি দাসে গীতটি মুকলি সন্দৰ্ভত কয়, "কবিৰাজ এটি বৰ ধুনীয়া গীত, আনকি আনুষ্ঠানিক মুক্তিৰ আগতেই মই বহুলোকে এই গানটোত ৰিলচ বনোৱা আৰম্ভ কৰা দেখি আচৰিত তথা অতিশয় উৎসাহিত হৈ পৰিছো। সেয়ে আমি গীতটো ৰাজহুৱাভাৱে মুকলি কৰাৰ সিদ্ধান্ত লৈছো।"
ইয়াৰ লগতে চিনেমাখনত অভিনয় কৰিছে, ৰবি শৰ্মা, চিন্ময় কটকী, স্বাগতা ভৰালী, ডৰথি ভৰদ্বাজ, ৰাজু ৰয়, হিমাংশু গগৈ, অতনু মহন্তকে ধৰি বহুকেইজন তাৰকা শিল্পী। সোমবাৰৰ এই গীত মুকলি অনুষ্ঠানটোত পল্লৱ তালুকদাৰ, মিনিমি, পাপ্লু চেতিয়া উপস্থিত থাকে।
Comments