গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ ভাৰতত কমলা উৎপাদন যথেষ্ট বেছিকৈ হয়। কমলাৰ টেঙা-মিঠা সোৱাদে সকলোকে আকৰ্ষিত কৰে। ইয়াত থকা ভিটামিন চি, কেলচিয়াম আৰু ফলেট স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু সকলোৱে কিন্তু কমলা খাই বাকলি ডাষ্টবিনত পেলাই দিয়ে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কমলাৰ বাকলিৰ পৰা বহুতো লাভালাভ পাব পাৰি।
• কমলা বাকলিৰ ৪ টা বিশেষ লাভালাভঃ
~ ছালৰ বাবে উপকাৰী
কমলা বাকলি ছালৰ বাবে যথেষ্ট উপকাৰী। যদি কাৰোবাৰ ছাল তেলেতীয়া হয় তেন্তে ই ঔষধতকৈ কম নহয়। ইয়াৰ পাউডাৰটো মৌৰ সৈতে মিহলি কৰি পেষ্ট এটা প্ৰস্তুত কৰি ইয়াক মুখত প্ৰয়োগ কৰিব। ই মুখত এটা উজ্জ্বলতা আনিব আৰু দাগবোৰো আঁতৰি যাব।
~ টোপনি ভাল হ'ব
যদি কাৰোবাৰ টোপনি ভাল নহয়, তেন্তে কমলাৰ বাকলি পানীত দি কুলকুলি কৰক আৰু তাৰ পিছত ইয়াক খাওক। নিয়মীয়াকৈ এনে কৰিলে নিশা ভালদৰে টোপনি আহিব।
~ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব
কমলাৰ বাকলিত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ বাবে, গৰম পানীত ধুই কমলাৰ বাকলি খাব পাৰে। কিছুমান মানুহে ইয়াক চেনী আৰু নেমুৰে খাবলৈ ভাল পায়।
~ উফিৰ পৰা মুক্তি
যেতিয়া চুলিত উফি হ'বলৈ আৰম্ভ কৰে, তেতিয়া যদি শুকাই থোৱা কমলা বাকলিৰ পাউডাৰ নাৰিকল তেলৰ সৈতে মিহলি কৰি চুলিত লগাই তেন্তে উফি নাইকিয়া হ'ব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments