Cartoon
View Older
গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ তুৰস্ক আৰু চিৰিয়াত সংঘটিত বিধ্বংসী ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৪,৩০০ তকৈও অধিক বৃদ্ধি পাইছে। লগতে উদ্ধাৰকাৰীসকলে দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ মাজত জীৱিত লোকৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে। বিশেষ প্ৰতিবেদন অনুসৰি, মঙলবাৰে পুৱালৈকে তুৰস্কত মৃতকৰ সংখ্যা ২,৯২১ জনত উপনীত হৈছে আৰু চিৰিয়াত এই সংখ্যা ১,৪৫১ লৈ বৃদ্ধি পাইছে।
তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (এএফএডি) মতে, ভূমিকম্পত কমেও ১৫,৮৩৪ জন আহত , আনহাতে ৭,৮৪০ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। এএফএডিয়ে লগতে উল্লেখ কৰিছে যে, "কমেও ৫,৬০৬ টা অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে। বৰ্তমান মুঠ ১৪,৭২০ জন লোকে সামৰিক কৰ্মীসহ দুৰ্যোগ ক্ষেত্ৰত অভিযান অব্যাহত ৰাখিছে।
Comments