গুৱাহাটী,৭ ফেব্ৰুৱাৰী:অসম চৰকাৰে কৰ্মচাৰীসকললৈ আগবঢ়াইছে এক বিশেষ উপহাৰ! ফেব্ৰুৱাৰীৰ দ্বিতীয়টো সপ্তাহত লাভ কৰিব ৪ দিনৰ ছুটি।ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে কৰা ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত সকলো কৰ্মচাৰীকে ফেব্ৰুৱাৰী মাহত দুটা দিন বাধ্যতামূলক ছুটি দিয়াৰ নিয়ম আছিল।
এই উপলক্ষে ফেব্ৰুৱাৰী মাহৰ ৯ আৰু ১০ তাৰিখে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব।উক্ত দুয়োটা দিনত কৰ্মচাৰীসকলে মাতৃ-পিতৃৰ সৈতে সময় পাৰ কৰিব পাৰিব। আনহাতে ১১ ফেব্ৰুৱাৰী দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে সকলো কাৰ্যালয় বন্ধ থাকিব।সেয়েহে কৰ্মচাৰীসকলে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত ৯ আৰু ১০ ফেব্ৰুৱাৰীত ২ দিন আৰু ১১ ত দ্বিতীয় শনিবাৰ আৰু ১২ ত দেওবাৰ মিলাই মুঠ ৪ দিন একেলগে বন্ধ লাভ কৰিব।উল্লেখ্য যে, এই সুবিধা ল’বৰ বাবে কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ প’ৰ্টেল https://matripitrivandana.assam.gov.in ৰ জৰিয়তে আৱেদন কৰিব লাগিব।
Comments