Cartoon
View Older
গুৱাহাটী,৭ ফেব্ৰুৱাৰী:ভুৱা এনকাউণ্টাৰ কৰা দুই আৰক্ষী বিষয়াক জৰিমনা৷অভিজিৎ কাকতি আৰু অচ্যুৎ দত্তক ৭ লাখ টকাৰ জৰিমনা৷অভিজিৎ কাকতি খাৰুপেটীয়া থানাৰ অ’চি আৰু অচ্যুৎ দত্ত খাৰুপেটীয়া থানাৰ এছ আই৷ মানৱ অধিকাৰ আয়োগে শাস্তিৰ নিৰ্দেশ দিছে দুই বিষয়াক৷
বিষয়াদ্বয়ক ৭ লাখ টকা জৰিমনা বিহিছে আয়োগে৷মহম্মদ আছা বাবু নামৰ এজনক গুলীয়াই হত্যা কৰিছিল৷উল্লেখ্য যে, দৰঙৰ ধনশিৰি ঘাটত আৰক্ষীক গুলীয়াই পলায়নৰ চেষ্টা কৰিছিল৷ আৰক্ষীক গুলীয়াই পলাবলৈ লওঁতে আৰক্ষীৰ গুলীত মৃত্যু হয় আছা বাবুৰ৷ইয়াৰ পাছতে আছা বাবুৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মানৱ অধিকাৰ আয়োগে গোচৰ ৰুজু কৰে৷সেই গোচৰৰ তদন্তৰ ভিত্তিত দুই বিষয়াক শাস্তিৰ নিৰ্দেশ প্ৰদান কৰে মানৱ অধিকাৰ আয়োগে।
Comments