গুৱাহাটী,৬ ফেব্ৰুৱাৰী: ভূমিকম্পত বিধ্বস্ত তুৰস্কক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এটা গুৰুত্বপূৰ্ণ টুইট কৰে । বাগচিয়ে কয় যে ভূমিকম্পৰ ফলত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতৰ পৰা প্ৰথম পৰ্যায়ৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে।
মঙলবাৰে পুৱা টুইট কৰি তেওঁ লগতে কয় যে সহযোগী ৰাষ্ট্ৰৰ বিপদৰ সময়ত ভাৰতৰ সহায়ৰ কাৰ্যসূচী মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (HADR) ইতিমধ্যে কাৰ্যক্ষম কৰা হৈছে। এন ডি আৰ এফৰ শ্ৰেষ্ঠ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল, বিশেষভাৱে প্ৰশিক্ষিত কুকুৰৰ দল, চিকিৎসা সঁজুলি, ড্ৰিলিং মেচিন আৰু অন্যান্য অত্যাৱশ্যকীয় সঁজুলিকে ধৰি ভূমিকম্পৰ সাহায্য সামগ্ৰীৰ প্ৰথমটো গোট তুৰস্কলৈ ৰাওনা হৈছে ।
ইফালে মধ্যপ্ৰাচ্যৰ এই দেশখনে ভাৰতক উপযুক্ত সহায়ৰ বাবে ধন্যবাদ জনাইছে । আনকি তুৰস্কই ভাৰতক ‘বন্ধু’ বুলিও অভিহিত কৰিছে। নতুন দিল্লীক ধন্যবাদ জনাই ভাৰতত থকা তুৰস্কৰ ৰাষ্ট্ৰদূত ফিৰাট ছুনেলে কয়, ” তুৰ্কী আৰু হিন্দী ভাষাৰ এটা অতি সাধাৰণ শব্দ হ’ল ‘দোষ্ট’ । আমাৰ তুৰস্কত এটা কথা আছে, দোষ্ট কাৰা গুণ্ডে বেলি ওলুৰ (আৱশ্যকত থিয় হৈ থকা বন্ধু এজন প্ৰকৃত বন্ধু)। ভাৰতলৈ বহুত বহুত ধন্যবাদ।” ইফালে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালিথাৰণে তুৰ্কীৰ দূতাবাসত উপস্থিত হৈ ভাৰতবাসীৰ হৈ শোক প্ৰকাশ কৰে।
Comments