গুৱাহাটী,৭ ফেব্ৰুৱাৰী:চিএনএন-নিউজ১৮ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা তুৰস্কলৈ যোৱা ভাৰতীয় বায়ুসেনাৰ বিমানৰ পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাৰ অনুমতি অস্বীকাৰ কৰে। ভাৰতে প্ৰদান কৰা মানৱীয় সাহায্য প্রেৰণ কৰাত বাধা দিবলৈ পাকিস্তানে দ্বিতীয়বাৰৰ বাবে চেষ্টা কৰিছে৷
এন ডি আৰ এফৰ শ্ৰেষ্ঠ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল, বিশেষভাৱে প্ৰশিক্ষিত কুকুৰৰ দল, চিকিৎসা সঁজুলি, ড্ৰিলিং মেচিন আৰু অন্যান্য অত্যাৱশ্যকীয় সঁজুলিকে ধৰি ভূমিকম্পৰ সাহায্য সামগ্ৰীৰ প্ৰথমটো গোট ভাৰতৰ পৰা তুৰস্কলৈ ৰাওনা হৈছে ।
পাকিস্তানে শেষবাৰৰ বাবে ভাৰতক নিজৰ ভূখণ্ড ব্যৱহাৰ কৰাত বাধা দিছিল ২০২১ চনত তালিবানে পাকিস্তান দখল কৰাৰ পিছত।ডিচেম্বৰ মাহত ভাৰতে যুদ্ধবিধ্বস্ত দেশখনলৈ মানৱীয় সাহায্যৰ অংশ হিচাপে ৫০ হাজাৰ মেট্ৰিক টন ঘেঁহু আফগানিস্তানলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল।ইছলামবাদে ভাৰতৰ পৰা আফগানিস্তানলৈ যোৱা সামগ্ৰীসমূহ ৱাঘা সীমান্তৰ পৰা পাকিস্তানী ট্ৰাকত পৰিবহণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। পিছলৈ কিন্তু ভাৰতৰ এই ট্ৰাকসমূহক পাৰ হ'বলৈ অনুমতি দিছিল ।
Comments