Cartoon
View Older
গুৱাহাটী, ৮ ফেব্ৰুৱাৰীঃ মিজোৰাম আৰক্ষীয়ে চম্ফাইত ৩ কোটি টকাতকৈও অধিক মূল্যৰ বৃহৎ পৰিমাণৰ হেৰোইন জব্দ কৰে। উক্ত হেৰোইন সৰবাৰহৰ সৈতে জড়িত দুজনক আৰক্ষীয়ে আটক কৰে। ৬৮০ গ্ৰাম ওজনৰ হেৰোইনখিনি এখন বাহনৰ ভিতৰত ৬০ টা কণ্টেনাৰত ভৰাই লৈ অনা হৈছিল আৰু আৰক্ষীয়ে চেচাং গাঁৱত বাহনখন ৰখাই তালাচী চলাই হেৰোইনখিনি জব্দ কৰে।
ইপিনে, জব্দ কৰা হেৰোইনৰ আনুমানিক বজাৰ মূল্য ৩ কোটি টকা ৪০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰ্তমান, এনডিপিএছ আইনৰ অধীনত আটকধীন দুয়োজনৰ বিৰুদ্ধে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।
Comments