গুৱাহাটী, ৮ ফেব্ৰুৱাৰীঃ ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনে ১২ জন ভিয়েটনামী আৰু ১৭ জন ভাৰতীয় শিল্পীক একত্ৰিত কৰি কেম্পাছত ২০২৩ চনৰ ৪ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ হ'বলগীয়া ভিয়েটনাম-ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু কৰ্মশালা – ‘ভিউ’: বিয়ণ্ড এণ্ড বিনিথ আৰ্ট এক্সচেঞ্জ ('VIIEW' : Beyond and Beneath Art Exchange) ৰ আয়োজন কৰে। স্কুল অৱ ভিজুৱেল আৰ্টছ, ডব্লিউ ইউ ডিৰ অধ্যক্ষ, অধ্যাপক ৰাজন শ্ৰীপদ ফুলাৰীয়ে এই কৰ্মশালাখন প্ৰস্তুত আৰু পৰিচালনা কৰিছে। ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনৰ প্ৰাংগনত প্ৰখ্যাত শিল্পী আৰু কলা প্ৰেমীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিশাল উদ্বোধনী অনুষ্ঠানত সোমবাৰ, ৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ পৰা শিল্পী কৰ্মশালাখন আৰম্ভ হয়। ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনৰ সন্মানীয় উপাচাৰ্য অধ্যাপক (ড°) সঞ্জয় গুপ্তাই বিশিষ্ট জ্যেষ্ঠ শিল্পী দীপক শিণ্ডে, ইউছুফ, প্ৰেম সিং লগতে ফান কোৱান ডাং, অধ্যক্ষ, স্কুল অৱ আৰ্ট এণ্ড ডিজাইন আৰু ভিয়েটনামৰ ভ্যান লেং বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যক্ষ নুয়েন ডিএচি থাইৰ উপস্থিতিত ভিয়েটনাম-ভাৰত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু কৰ্মশালা - ‘ভিউ’ উদ্বোধন কৰে। নতুন দিল্লীৰ হাউজ খাছত ৰবিবাৰ, ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰী মংগলবাৰ ২০২৩ লৈ হ'বলগীয়া আৰ্ট কনছাল্টত মুখ্য অতিথি হিচাপে শোভাবৰ্ধন কৰি ডিচিএম, মন্ত্ৰীৰ পৰামৰ্শদাতা, ভিয়েটনাম দূতাবাসৰ ড°ডো থান হাইয়ে সকলো শিল্পী আৰু জ্যেষ্ঠ অধ্যাপকৰ সৃষ্ট শিল্পকৰ্মৰ প্ৰদৰ্শনী উদ্বোধন কৰিব।
ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইন, ছোনিপটৰ উপাচাৰ্য অধ্যাপক (ড০) সঞ্জয় গুপ্তাই কয় "২০২২ চনৰ নৱেম্বৰ মাহত ভিয়েটনামৰ ভ্যান লেং বিশ্ববিদ্যালয়ত ভিউৰ প্ৰথম অধ্যায় সফলতাৰে সামৰণি পৰাৰ পিছত দুয়োখন বিশ্ববিদ্যালয়ে দুয়োখন দেশৰ সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ আৰ্ট আৰু ডিজাইনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে পুনৰবাৰ একত্ৰিত হৈছে। দুয়োখন দেশৰ শিল্পীৰ লগতে দুয়োখন বিশ্ববিদ্যালয়ৰ শিক্ষক সদস্য আৰু শিক্ষাবিদসকলক একত্ৰিত কৰি চাৰুকলাৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ ওপৰত আলোকপাত কৰিবলৈএই অনুষ্ঠানটো প্ৰস্তুত কৰি তোলা হৈছ ।" প্ৰখ্যাত চিত্ৰশিল্পী আৰু কেক্কেয়েলাম ফাউণ্ডেচনৰ পৰিচালক শ্ৰীযুত বিনয় ভাৰ্গিজৰ তত্বাৱধানত এই অনুষ্ঠানটি অনুষ্ঠিত হৈছে। ইপিনে, প্ৰদৰ্শনীখনৰ তত্বাৱধায়ক অধ্যাপক ফুলাৰী, উপাচাৰ্য, এছ.ও.ভি.এ.-ডব্লিউ.ইউ.ডি.-য়ে মন্তব্য তুলি ধৰি কয় - “কৰ্মশালাখনৰ বিষয়বস্তু হৈছে আনএক্সপ্লোৰড স্পেচেছ, ই এনে এটা প্ৰদৰ্শনীমূলক প্ৰকল্প যিয়ে ভাৰতীয় আৰু ভিয়েটনামী শিল্পী সকলক উভয়কে শিল্পৰ ক্ষেত্ৰত নিজৰ সৃষ্টিশীল প্ৰচেষ্টাক উদাৰতাৰে ব্যাখ্যা কৰাৰ প্ৰস্তাৱ দিয়ে আৰু চিত্ৰকলাৰ মূৰ্ত অনুশীলনৰ বাবে বিশেষ গুৰুত্ব দিয়ে। আন্ত:ৰাষ্ট্ৰীয় কলা শিবিৰৰ উদ্দেশ্য হৈছে প্ৰতিগৰাকী শিল্পীৰ সৃষ্টিশীল কৰ্ম আৰু চিন্তন প্ৰক্ৰিয়াৰ অন্বেষণ তথা অভ্যন্তৰত আবেষ্টিত হৈ লুকাই থকা অপৰিচিত বিষয় তথা আনুষঙ্গিক প্ৰসংগসমূহৰ ওপৰত পৰিধি ভাঙি কলাৰ আদান-প্ৰদানৰ বাবে ধাৰণা বিনিময়ৰ অৱকাশ হিচাপে এখন মঞ্চ গঢ়ি তোলা । মানৱ জীৱনত প্ৰতিচ্ছবিৰ উৎপত্তিৰ সময়ৰ পৰাই স্থানৰ ধাৰণাটো সদায় সৃষ্টিশীল সংঘৰ্ষৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ আহিছে। স্থানৰ স্থিৰতা, বৰ্ণনা আৰু প্ৰকাশ হৈছে যুগ যুগ ধৰি প্ৰবাহিত হৈ থকা সমগ্ৰ ব্ৰহ্মাণ্ডৰ সকলো দৃশ্যমান আৰু অদৃশ্য অভিব্যক্তিৰ অপৰিহাৰ্য শক্তি।
মানৱ অস্তিত্বৰ ভৌতিক আৰু আধ্যাত্মিক ৰূপত স্থানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।" এই ১০ দিনীয়া কাৰ্যসূচীত অনুষ্ঠানটোৰ গুৰুত্ব আৰু সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনে ডব্লিউইউডি-ক্ৰিটিকচ চইচ এৱাৰ্ড (WUD-Critics’ Choice Awards) ৰে সন্মানিত কৰা আগশাৰীৰ ভাৰতীয় শিল্পীসকলৰ লগতে বিশ্ববিদ্যালয়ৰ শিল্পী / অধ্যাপক সদস্য আৰু মুম্বাইৰ দীপক শিণ্ডে, ভোপালৰ ইউছুফ, চণ্ডীগড়ৰ পৰা প্ৰেম সি , আনন্দ ময় বেনাৰ্জী, কবিতা নায়াৰ, বিনয় ভাৰ্গেছ, ধৰ্মেন্দ্ৰ ৰাথোৰ, অজয় কুমাৰ সমীৰ, সংগীত গুপ্তা, সূচি খান্না, দুৰ্গা খাইন্টোলা আদিৰ দৰে বহুতো বিশিষ্ট শিল্পীও উপস্থিত থাকিব। ডব্লিউইউডিৰ (WUD) শিল্পী অধ্যাপক সদস্যসকল হৈছে সুৰেশ কুমাৰ, সুমিত সৰকাৰ, প্ৰশান্ত পাটিল আৰু মেঘা কাত্যল আৰু অনুষ্ঠানৰ আহ্বায়ক হৈছে ড০ প্ৰীতি যাদৱ, সমন্বয়ক সকল ক্ৰমে আকাংক্ষা ৱাধৱানী, অপৰ্ণা গোৱাণ্ডে, চিমৰপ্ৰীত সোখী, দেৱৰথ যোশীৰ লগতে অনুষ্ঠানটিৰ বিশেষ কাৰ্যক্ৰম সমূহৰ আয়োজন কৰিছে স্কুল অৱ পাৰফৰ্মিং আৰ্টছৰ উপাধ্যক্ষ ড° পাৰুল পুৰোহিত ভাটছে। ভিয়েটনামৰ দলটোক ভাৰতলৈ স্বাগতম জনোৱাৰ বাবে সাজু হৈ ড০ সঞ্জয় গুপ্তাই (উপাচাৰ্য) লগতে কয়, "ভিউ : বিয়ণ্ড এণ্ড বিনিথ আৰ্ট এক্সচেঞ্জৰ প্ৰথম অধ্যায়ৰ সময়ত আমি ভিয়েটনামত এক সমৃদ্ধিশালী অভিজ্ঞতা লাভ কৰিছিলো আৰু ভিয়েটনামৰ প্ৰতিভাশালী শিল্পী আৰু শিক্ষক সকলক আমাৰ বিশ্ববিদ্যালয় চৌহদলৈ স্বাগতম জনাইছিলো। কলা আৰু সংস্কৃতিৰ এই নতুন ধাৰাত আমাৰ বিশ্ববিদ্যালয়খন কেন্দ্ৰবিন্দুলৈ পৰিণত হোৱা দেখি মই আনন্দিত হৈছোঁ। নিৰৱচ্ছিন্নভাৱে ভাৱে মত বিনিময় কৰিবলৈ নতুন পোহৰেৰে উদ্ভাসিত যুৱ সমাজৰ মাজত এক সম্পৰ্ক সৃষ্টি কৰিছো।"
Comments