গুৱাহাটী,৭ ফেব্ৰুৱাৰী:দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চনৰ দাবীত সোমবাৰে গুৱাহাটী উত্তাল কৰিলে দিব্যাংগসকলে ৷ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখন অৰুণোদয় আঁচনিৰ সৈতে সংযোগ কৰাৰ চৰকাৰী যি সিদ্ধান্ত তাৰ ঘোৰ বিৰোধিতা কৰিছে দিব্যাংগ মঞ্চ অসমে ৷ চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমুখত প্ৰতিবাদমুখৰ হৈ পৰে তথা দিব্যাংগ মঞ্চ অসমৰ কৰ্ম-কৰ্তাসকলৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীসকল ।
এই সিদ্ধান্তৰ বিৰোধীতাৰে ইতিমধ্যে দিব্যাংগ মঞ্চ অসমে পূৰ্বে কেইবাবাৰো প্ৰতিবাদত নমা পৰিলক্ষিত হৈছে ৷' ৯ লাখ দিব্যাংগ আছে সমগ্ৰ অসমত । আমাক অৰুণোদয় নালাগে, আমাক দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চন লাগে । অতি শীঘ্ৰে আমাৰ নিযুক্তি সম্পূৰ্ণ কৰক, নহ'লে আমাক গুলীয়াই মাৰক ' এই শ্লোগানেৰে সোমবাৰে কলাক্ষেত্ৰ চৌহদৰ সন্মুখভাগ উত্তাল কৰি তোলে দিব্যাংগসকলে ।
দিব্যাংগৰ উন্নতিৰ হকে তথা প্ৰাপ্যৰ দাবীত দিব্যাংগ মঞ্চ অসমৰ উদ্যোগত গ্ৰহণ কৰা হয় এই কাৰ্যসূচীৰ ৷ দীনদয়াল দিব্যাংগ মাহিলী পেঞ্চনৰ সৈতে অৰুণোদয়ক সংযোগ কৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে দিব্যাংগ সকলে আৰু চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদ জনাই সোমবাৰৰ প্ৰতিবাদী মিছিলত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দিব্যাংগসকল ৷আঁচনিৰ লগতে অসম চৰকাৰৰ ২৪ টা বিভাগত মুঠ ৪০০০ খালি পদ এমাহৰ ভিতৰতে দিব্যাংগৰ বাবে ৪ শতাংশ আসন সংৰক্ষণ কৰি স্পেচিয়েল ৰিকুৱাইৰমেণ্টৰ জৰিয়তে নিযুক্তি দিয়াৰ বাবে প্ৰতিবাদী অনুষ্ঠানটোৰ জৰিয়তে চৰকাৰলৈ দাবী জনালে প্ৰতিবাদকাৰীসকলে ।
কলাক্ষেত্ৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াবলৈ প্ৰতিবাদকাৰীসকলে চেষ্টা কৰে যদিও এইক্ষেত্ৰত আৰক্ষীয়ে বাধা প্ৰদান কৰে । পৰৱৰ্তী সময়ত আৰক্ষীৰ সৈতেও তৰ্কত লিপ্ত হোৱা দেখিবলৈ পোৱা যায় প্ৰতিবাদকাৰীসকলক ৷আঁচনিৰ সমান্তৰালভাৱে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত পূৰ্বে ১০০০ টকা প্ৰদান কৰা হৈছিল যদিও বৰ্তমান এই ধন ৩০০০ টকাকৈ প্ৰদানৰ বাবে দাবী জনাইছে দিব্যাংগসকলে ৷ দিব্যাংগ মঞ্চ অসমে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰতো দিব্যাংগসকলৰ বাবে সংৰক্ষিত ৫১৩ টা পদত নিযুক্তিত বিসংগতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ তোলা পৰিলক্ষিত হৈছিল ৷
Comments