Cartoon
View Older
ধেমাজি, ৭ ফেব্ৰুৱাৰীঃ আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই থকাৰ সময়তে আজি ধেমাজি আৰক্ষীয়ে ১৫৬ কেজি গাঞ্জা সহ টিপুল দত্ত নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে ৷
মহা শিৱৰাত্ৰীৰ প্ৰাকক্ষণত ধেমাজিত আৰক্ষীয়ে জব্দ কৰে উক্ত বৃহৎ পৰিমাণৰ গাঞ্জা ৷ ধেমাজিৰ ২ নং ভৰালীচুকৰ ঘৰৰ পকী মজিয়াৰ তলত বনাই লোৱা পকী চেম্বাৰ আৰু শোৱনি কোঠাৰ বাকচত ১১ কেজি ৮০০ গ্ৰাম গাঞ্জা লুকুৱাই ৰাখিছিল ৷
ইফালে ধৃত টিপুল দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে টিপুল দত্তৰ শহুৰেকৰ ঘৰ ধেমাজি আমোলগুৰিতো অভিযান চলাই প্ৰায় ১ কুইন্টল ৪৫ কেজিৰো অধিক গাঞ্জা উদ্ধাৰ কৰে ৷ সৰ্বমুঠ ১ কুইন্টল ৫৬ কেজি গাঞ্জা জব্দ কৰে ধেমাজিৰ আৰক্ষীয়ে ৷ প্ৰায় ১০ লক্ষাধিক টকাৰ বৃহৎ পৰিমানৰ গাঞ্জা সহ ধৃত টিপুল দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে ৷
Comments