গুৱাহাটী,৭ ফেব্ৰুৱাৰী:ভূমিকম্পৰ সুযোগ লৈ ছিৰিয়াৰ জেল ভাঙি পলাল কমেও ২০ জন ইছলামিক ষ্টেট (আইএছ) উগ্ৰপন্থী । সোমবাৰে তুৰস্কৰ লগতে ছিৰিয়াতো ভূমিকম্প হয়। উত্তৰ-পশ্চিম ছিৰিয়াৰ ৰাজো চহৰত এই ভূমিকম্পৰ ফলত প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে।
তুৰ্কী সীমান্তৰ সমীপত এই চহৰখনত এখন বিশাল কাৰাগাৰ আছে । প্ৰাপ্ত তথ্য অনুসৰি এই কাৰাগাৰত বন্দীৰ সংখ্যা প্ৰায় দুই হেজাৰ ।ইয়াৰ ভিতৰত, ১৩০০ জন বন্দীয়ে সন্দেহযুক্ত আইএছ উগ্ৰপন্থী। ৰাজো কাৰাগাৰৰ এজন বিষয়াই জনোৱা মতে, ৰাজো চহৰখন পুৱা ভয়ংকৰভাৱে কঁপি উঠে । প্ৰচণ্ড কম্পনৰ ফলত কাৰাগাৰৰ দেৱাল আৰু দুৱাৰ ভাঙি যায় । আৰু এই সুযোগতে বন্দীসকলে কাৰাগাৰৰ ভিতৰতে তাণ্ডৱ আৰম্ভ কৰে।
কাৰাগাৰৰ দুৱাৰ ঢিলা হোৱাৰ লগে লগে বহুতো বন্দী ওলাই আহে । কাৰাগাৰৰ কৰ্মচাৰীসকলে বন্দীসকলক গ্ৰেপ্তাৰ কৰাত ব্যস্ত থকাৰ সময়তে, ২০ জন আই এছ উগ্ৰপন্থীয়ে সুযোগ লৈ পলায়ন কৰে ।প্ৰাপ্ত তথ্য অনুসৰি, বাকী কয়দীক নিজৰ নিয়ন্ত্ৰণলৈ আনিব পৰিলেও ২০ জন আই এছ উগ্ৰপন্থীৰ কোনো সন্ধান পোৱা নগ’ল।
Comments