গুৱাহাটী,৭ ফেব্ৰুৱাৰী:পুনৰ কঁপি উঠিল তুৰস্কৰ মাটি । পূৰ্বৰ ভূমিকম্পৰ আতংকৰ মাৰ নৌযাওঁতেই ভূমিকম্পত পুনৰ কঁপিল তুৰস্ক। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি মঙলবাৰে মধ্য তুৰস্কৰ আন এক ৫.৬ প্ৰাবল্যৰ ভূমিকম্প হয় । ভূমিকম্পৰ কেন্দ্ৰবিন্দু মাটিৰ পৰা প্ৰায় দুই কিলোমিটাৰ তলত আছিল।
চৰকাৰী হিচাপ অনুসৰি সোমবাৰৰ ভূমিকম্পত এতিয়ালৈকে পাঁচ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় চাৰি বজাত তুৰস্ক আৰু ছিৰিয়াৰ বৃহৎ অঞ্চল জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ গতি ৭.৮। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দক্ষিণ তুৰস্কত।
গাজিয়ানতেপ প্ৰদেশৰ পূব অংশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে। মাটিৰ তলত প্ৰায় ১৮ কিলোমিটাৰ গভীৰত । প্ৰথম ভূমিকম্পৰ ১১ৰ পৰা ১৫ মিনিট পাছত দ্বিতীয়টো কম্পনে লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছৰ কিছু অংশ কঁপাই পেলায়।আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ) অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭ । ইয়াৰ পাছৰ পৰা একাধিকবাৰ কঁপি উঠিল তুৰস্ক আৰু ছিৰিয়া ।বিশেষজ্ঞসকলৰ মতে এইবোৰেই হৈছে মূল ভূমিকম্পৰ ‘আফটাৰশ্বক’।
Comments