গুৱাহাটী,৭ ফেব্ৰুৱাৰী:এক বিস্ফোৰক মন্তব্য প্ৰদান কৰি শ্ৰদ্ধা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আফতাব পুনাৱালাই কয় যে তেওঁ পূৰ্বেও দিল্লী আৰক্ষীক ভুৱা বক্তব্য দি আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল । চাৰ্জশ্বীটত প্ৰকাশ পাইছে যে তেওঁ শ্ৰদ্ধা ৱাকাৰৰ মৃতদেহ টুকুৰা টুকুৰ কৰি কাটি শ্ৰদ্ধাৰ হাড়ৰ লগতে দেহৰ অংশবোৰ জ্বলাইছিল আৰু শিল টুকুৰা টুকুৰ কৰা গ্ৰাইণ্ডাৰেৰে গুড়ি কৰি পেলাই দিছিল ।
"মোৰ পূৰ্বৰ বক্তব্য আংশিকভাৱে শুদ্ধ আৰু মই ১৮.০৫.২০২২ তাৰিখে শ্ৰদ্ধাক হত্যা কৰাৰ পিছত এটা ভুৱা বক্তব্য দি আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। ছত্তৰপুৰ পাহাদীত থকা মোৰ ৰুমত মই তাইৰ শৰীৰটো টুকুৰা টুকুৰ কৰি হাড় জ্বলাই দিছিলোঁ আৰু শিলৰ গ্ৰাইণ্ডাৰেৰে পিহি সেইবোৰ পেলাই দিছিলোঁ।'আফতাবে আৰু কয় যে শ্ৰদ্ধাক হত্যা কৰাৰ পিছত প্ৰায় ০৭:৪৫ বজাত ঘৰৰ মূল দুৱাৰখন বন্ধ কৰি ওচৰৰ , চত্তৰপুৰ পাহাৰী দিল্লীত অৱস্থিত হাৰ্ডৱেৰৰ দোকান এখনলৈ গৈ এখন ডাঙৰ কটাৰী, ৩খন ব্লেড, এটা হাতুৰী আৰু প্লাষ্টিক ক্ৰয় কৰে ।
চাৰ্জশ্বীটত আফতাবৰ বিবৃতিত কোৱা হৈছে যে, "তাৰ পিছত মই ফ্লেটলৈ উভতি আহি বাথৰুমত শ্ৰদ্ধাৰ শৰীৰটো শিফ্ট কৰি কটাৰীৰ সহায়ত শ্ৰদ্ধাৰ হাত কাটি বগা পলিথিনত ৰাখিছিলোঁ।মই শ্ৰদ্ধাৰ দুয়োখন হাত থকা পলিথিনটো পাকঘৰৰ তলৰ কেবিনেটত ৰাখিছিলোঁ। হত্যাকাণ্ডৰ পিছদিনা নিশালৈকে মই উৰুৰ এটা অংশ পেলাই দিলোঁ। তাৰ পিছৰ ৪-৫ দিনত মই মৃতদেহটো ১৭ টুকুৰা (প্ৰতিটো হাতৰ তিনিটা টুকুৰা (৬ টুকুৰা), তিনিটাকৈ টুকুৰা কৰি কাটিছিলোঁ ভৰি (ছটা টুকুৰা), মূৰ, উৰু, পেলভিকৰ দুটা টুকুৰা, আৰু বুঢ়া আঙুলিবোৰ বেলেগকৈ কাটিছিলোঁ ।’আফতাবে আৰু বৰ্ণনা কৰে যে শ্ৰদ্ধাৰ হাত কাটি থাকোঁতে তেওঁৰ বাওঁহাতত সামান্যভাৱে আঘাত পাইছিল । নিজৰ সুবিধা অনুসৰি শৰীৰৰ অংগবোৰ এটা এটাকৈ পেলাই দিছিল ।
চাৰ্জশ্বীটত এই কথাও প্ৰকাশ পাইছে যে শ্ৰদ্ধাক হত্যা কৰাৰ পিছত আফতাবে ডেটিং এপ বাম্বলৰ জৰিয়তে অদিতি নামৰ আন এগৰাকী ছোৱালীক লগ পাইছিল। "অদিতিয়েও মোৰ ফ্লেটলৈ গৈছিল আনকি ৰাতি কেইবাবাৰো থাকিছিল। অদিতিয়ে যেতিয়াই মোৰ ফ্লেটলৈ গৈছিল তেতিয়াই মই ফ্ৰীজটো চাফা কৰিছিলোঁ আৰু শ্ৰদ্ধাৰ শৰীৰৰ অংশবোৰ পাকঘৰৰ তলৰ কেবিনেটত থৈ দিছিলোঁ। তাই যোৱাৰ পিছত মই পুনৰ সেইবোৰ ফ্ৰিজত ৰাখিছিলোঁ।"
ন্যায়িক জিম্মা ম্যাদ উকলি যোৱাৰ পিছত তিহাৰ জেলৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অভিযুক্ত আফতাবক হাজিৰ কৰা হয়। আফতাবে পূৰ্বে আদালতক জনাইছিল যে তেওঁ নিজৰ অধিবক্তা এম এছ খানক সলনি কৰিব বিচাৰে।তদন্তৰ সময়ত দিল্লী আৰক্ষীয়ে নাৰ্কোএনালাইছিছ টেষ্ট, পলিগ্ৰাফ টেষ্ট কৰি আফতাবৰ অভিযোগ প্ৰমাণ কৰিবলৈ ডি এন এ প্ৰমাণ লাভ কৰে।২০২২ চনৰ মে’ মাহত মেহৰৌলি চুবুৰীত নিজৰ লাইভ ইন পাৰ্টনাৰক হত্যা কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল আফতাবক ।
Comments