গুৱাহাটী,৭ ফেব্ৰুৱাৰী:বলীউডৰ জনপ্ৰিয় যুটী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই আজি জয়ছলমেৰৰ সূৰ্যগড় প্ৰাসাদত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ মাজত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়।হোটেলৰ চোতালত অনুষ্ঠিত হয় বৰ্মালা আৰু ফেৰেৰ অনুষ্ঠান । ইয়াৰ বাবে এখন বিশেষ ‘বাৱদি’ স্থাপন কৰা হৈছিল হোটেলৰ চোতালত । খবৰ অনুসৰি দম্পতীহালে নিজৰ বিশেষ দিনটোৰ বাবে ৰূপালী কাপোৰ পিন্ধিছিল।৬ ফেব্ৰুৱাৰীৰ পৰা মেহেন্দী আৰু সংগীতেৰে আৰম্ভ হৈছিল বিবাহ উৎসৱ। বিয়াৰ দিনা দিনত আৰম্ভ হৈছিল হালদী অনুষ্ঠান আৰু তাৰ পিছত বিয়া।
এই মেহেন্দী অনুষ্ঠানত বলীউডৰ চেলিব্ৰিটি কৰণ জোহৰ, জুহি চাওলা, শ্বাহিদ কাপুৰ আৰু তেওঁৰ পত্নী মীৰা ৰাজপুত উপস্থিত থাকে।মেহেন্দী অনুষ্ঠান উদযাপনৰ সময়ত সিদ্ধাৰ্থ আৰু কিয়াৰা দুয়োজনৰ নৃত্যই মঞ্চ কঁপাই তুলিছিল । সূৰ্যগড় হোটেলৰ চুইমিং পুলৰ দাঁতিত আৰম্ভ হয় এই অনুষ্ঠান । অতিথিসকলক তাতেই থকা ছানচেট পেটিঅ’ গাৰ্ডেনত বহিবলৈ দিয়া হৈছিল। মেহেন্দী প্ৰথমে কিয়াৰাৰ হাতত লগালে তাৰ পিছত সিদ্ধাৰ্থৰ পাল।
পিছত কইনাৰ মাতৃ জেনেভিভ, পেহী সুমিতা আৰু মাতৃৰ ফালৰ পৰা আইতাক ভেলেৰীকে ধৰি মীৰা ৰাজপুতেও হাতত মেহেন্দী লগাইছিল । দেওবাৰে নিশা নিজৰ ব্যক্তিগত জেট বিমানেৰে জয়ছালমেৰত অহা কিয়াৰাৰ স্কুলীয়া সহপাঠী ইছা আম্বানীয়ে দিনৰ ভাগত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি সোমবাৰে গভীৰ নিশা মুম্বাইলৈ উভতি আহে।আইএনএছৰ তথ্য অনুসৰি বিয়াত অতিথিসকলক ১০খন দেশৰ ১০০ৰো অধিক খাদ্য পৰিবেশন কৰা বুলি জানিব পৰা গৈছে।মেনুত আছিল ইটালীয়, চীনা, আমেৰিকান, দক্ষিণ ভাৰতীয়, মেক্সিকান, ৰাজস্থানী, পাঞ্জাবী, আৰু গুজৰাটী খাদ্য। মিঠাইৰ ভিতৰত জয়ছলমেৰৰ ঘোটৱান লাডুও আছিল।‘শ্বেৰশ্বাহ’ ছবিখনত একেলগে কাম কৰি থকাৰ সময়তে সিদ্ধাৰ্থ আৰু কিয়াৰাই ডেটিং আৰম্ভ কৰিছিল।
Comments