গোলাঘাটৰ নিজা প্ৰতিবেদক,৭ ফেব্ৰুৱাৰী:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি গোলাঘাট জিলাৰ বিভিন্ন স্থানত অবস্থান কৰি থকা গড়টো অৱশেষত কালি সন্ধ্যা মৃত্যু মুখত পৰিল । মুলতঃ অসম চৰকাৰৰ বিয়াগোম বন বিভাগৰ একাংশ বিষয়াৰ চুড়ান্ত গাফিলতি আৰু অৱহেলাৰ বাবে এনেকৈ মৃত্যু হ'ল অসম গৌৰৱ এটা প্ৰাপ্তবয়স্ক গড়ৰ। তাতোতকৈও আচৰিত কথা যে গড়টোৱে কাজিৰঙাৰ পৰা ওলাই আহি দিক বিদিক হেৰুৱাৰ সময়ত মৌন হৈ থকা বন বিভাগটোৱে মৃত্যুৰ পাছতহে অধিক তৎপৰ হোৱা পৰিলক্ষিত হ'ল । উল্লেখযোগ্য যে বিগত দুই ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ নাহৰনি মাজগাৱত প্ৰথমে ৰাইজে প্ৰত্যক্ষ কৰিছিল এই গড়টো । ৰাইজে বন বিভাগক এই বিষয়ে অবগত কৰিছিল যদিও একাংশ ৰাইজৰ খেদা খেদিত পাছদিনা গড়টো পালেগৈ দক্ষিণহেঙেৰা । দক্ষিণহেঙেৰাতো অনুৰূপ দৰে একাংশ অবিবেচকী লোকৰ অত্যাচাৰৰ বলি হ'ল গড়টো । বিশেষকৈ গোলাঘাট বন বিভাগৰ লোকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই গড়টো পুনৰ খেদি পঠিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও একাংশ অচেতন লোকৰ খেদাখেদিৰ বাবে গড়টো দিকভ্ৰস্ত হৈ অধিক হিংস্ৰ হৈ পৰিল । ফলত গড়টোৱে মানুহলৈ চোচা লৈ দক্ষিণহেঙ্গেৰা অঞ্চলতে জিলা বন সংমণ্ডল বিষয়া গৰাকীৰ লগতে এজন বনকৰ্মী আৰু দুজন সাধাৰণ লোকক আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰি মুঠ ৭ জন লোকক আক্ৰমণ কৰে । ইয়াৰ পাছত গড়টো দক্ষিণ হেঙ্গেৰাৰে বৰটিং নাওশলীয়াত উপস্থিত হয়গৈ । তাতো একাংশ ৰাইজৰ চিঞৰ বাখৰৰ লগতে খেদা খেদি কৰাৰ প্ৰকোপত গড়টোৱে কালি পদুমনি অঞ্চলত অবস্থান কৰিছিল পদুমনি আৰু বগৰীজেঙৰ সীমাৰ এখন পথাৰত গড়টোৱে আশ্ৰয় লৈ থকা পাছতে বিয়লি প্ৰায় ৫-৩০ বজাত ঢলি পৰে আৰু তাতে গড়টোৰ মৃত্যু হয় ।
ইফালেদি,গড়টো ঢলি পৰাৰ পাছতে অত্যন্ত তৎপৰ দেখা গ'ল বন বিভাগ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । নিশাই উচ্চ পৰ্যায়ৰ বন বিষয়া আৰু চিকিৎসকৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ গড়টোৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষনা কৰে । মনকৰিবলগীয়া যে,মৃত গড়টোৰ সোহাতে ভৰিৰ ওপৰ অংশত এটা গুলীত আঘাতৰ সদৃশ এক চিন দেখা গৈছিল। এই আঘাতৰ পৰা অহৰহ তেজ নিগৰি থকাও ৰাইজে প্ৰত্যক্ষ কৰে । আনহাতেদি চিকিৎসকে গড়টোৰ মৃত্যু কোনো সঠিক কাৰন বিৱৰন দিয়া নাই যদিও বিগত পাচদিনে গড়টোৱে দিকভ্ৰান্ত হৈ যেনিতেনি ঘূৰি ফুৰাৰ লগতে মানুহৰ অধিক সমাগমত ভয়াৰ্ত হৈ পৰাৰ ফলতে হৃদযন্ত্ৰ বিকল হোৱা সন্দেহ প্ৰকাশ কৰিছে । ইফালেদি,বন বিভাগৰ একাংশ উচ্চ পদস্থ বিষয়াৰ চুড়ান্ত গাফিলতিৰ ফলতেই গড়টো তিল তিলকৈ মৃত্যু ফালে গতি কৰাৰ অভিযোগ কৰিছে ৰাইজে ।
ৰাইজৰ পোনপটীয়া অভিযোগ গোলাঘাট জিলাৰ বন কৰ্মীসকলে গড়টোক সুৰক্ষা দিবলৈ দিন ৰাতি চেষ্টা কৰিলে যদিও একাংশ বিয়াগোম বিষয়াই আঘাতপ্ৰাপ্ত গড়টোৰ উপযুক্ত চিকিৎসা অথবা স্থানান্তৰিত কৰাৰ সন্দৰ্ভত কোনো ব্যৱস্থাই গ্ৰহন নকৰিলে । সময় মতে এই সকল বিষয়াই উপযুক্ত সিদ্ধান্ত লোৱাহেতেন গড়টোৰ এনেকৈ মৃত্যু নহ'লহেতেন বুলি মন্তব্য কৰে সচেতন ৰাইজে । সেয়ে ৰাইজে গড়টো মৃত্যুৰ সমগ্ৰ ঘটনাৰ এক উপযুক্ত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে । একেদৰে, এইক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনকো ৰাইজে তীব্ৰ সমালোচনা কৰিছে । জিলা প্ৰশাসনে উপযুক্ত সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হলে গড়টোৰ মৃত্যু নহলহেতেন বুলি অভিযোগ উত্থাপন কৰিছে ।
Comments