গুৱাহাটী, ৮ ফেব্ৰুৱাৰীঃ ২০১৮ চনত আৰম্ভ হোৱা সিদ্ধাৰ্থ আৰু কিয়াৰা প্ৰেমকাহিনী অৱশেষত স্থায়ী সম্পৰ্কলৈ ৰূপান্তৰিত হৈছে। দুয়োজনে ৭ জনমৰ বাবে একেলগে থকাৰ সিদ্ধান্ত লৈছে আৰু পৰিয়ালবৰ্গও এই সিদ্ধান্তত সন্মত হৈছে। সূত্ৰ অনুসৰি তেওঁলোকৰ বিবাহৰ প্ৰতিটো অনুষ্ঠান ৰাজকীয় শৈলীত অনুষ্ঠিত হৈছে। কিন্তু সোমবাৰৰ সংগীত অনুষ্ঠানত যেতিয়া সিদ্ধাৰ্থ মালহোত্ৰাৰ দেউতাক সুনীল মালহোত্ৰা হঠাতে অসুস্থ হৈ পৰে। যদিও এই বিষয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশিত হোৱা নাই, কিন্তু বিশেষ সূত্ৰ যোগে জানিব পৰা গৈছে যে সংগীতৰ সময়ত হঠাতে সিদ্ধাৰ্থৰ বাপেকৰ স্বাস্থ্যৰ অৱনতি ঘটে।
বিবাহৰ সংগীতানুষ্ঠানত সিদ্ধাৰ্থৰ দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটে, তেওঁ বমি কৰে যাৰ বাবে পৰিয়ালৰ সকলো সদস্য অতি শংকিত হৈ পৰে। ইয়াৰ লগতে, অতিথিসকলো কিছুসময়ৰ বাবে ভীতিগ্ৰস্ত হৈ পৰে। ইয়াৰ পিছত চিকিৎসকক মাতি অনা হয় আৰু সিদ্ধাৰ্থৰ দেউতাকক কোঠালৈ আৰাম কৰিব বাবে লৈ যোৱা হয়। অৱশ্যে কিছুসময়ৰ পিছত, সিদ্ধাৰ্থৰ দেউতাকৰ স্বাস্থ্য উন্নত হয় আৰু পুনৰ পৰিয়ালৰ বাকী সদস্য সকলৰ সৈতে সংগীতানুষ্ঠানত উপস্থিত হয়। এই সংগীতানুষ্ঠান মাজনিশালৈ অনুষ্ঠিত হয়।
Comments