Cartoon
View Older
গুৱাহাটী, ৮ ফেব্ৰুৱাৰীঃ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে বিবাহপাশত আৱদ্ধ হৈছে। ইয়াৰ লগতে দুয়োৰে বিবাহৰ বিশেষ মূহুৰ্তবোৰ ছবি আকাৰে প্ৰকাশ পাইছে। ফটোত, দুয়োকে ইজনে সিজনৰ সৈতে গভীৰভাৱে প্ৰেমত পৰা দেখা গৈছে। সিদ্ধাৰ্থ আৰু কিয়াৰা দুয়োজনে তেওঁলোকৰ বিশেষ দিনটোৰ বাবে ক্ৰীম আৰু গুলপীয়া ৰঙৰ পোছাক বাছনি কৰে। সিদ্ধাৰ্থ আৰু কিয়াৰা দুয়োকে এই পোছাকত বহুত ধুনীয়া দেখা গৈছে।
বিয়াৰ ফটোবোৰ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে তেওঁলোকৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই নৱবিবাহিত তাৰকা দম্পতিয়ে ফটোবোৰ শ্বেয়াৰ কৰাৰ লগে লগে নিমিষতে ভাইৰেল হৈ পৰে। ইপিনে, দুপৰীয়া ২ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত সিদ্ধাৰ্থ আৰু কিয়াৰাই সূৰ্যগড় প্ৰাসাদত বিবাহ পাশত আৱদ্ধ হয়।
Comments