গুৱাহাটী,৮ ফেব্ৰুৱাৰী:দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ তদন্ত কৰি থকা কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাৰ প্ৰাক্তন চাৰ্টাৰ্ড একাউণ্টেণ্টক গ্ৰেপ্তাৰ কৰিছে ৷ আজি অৰ্থাৎ বুধবাৰে আদালতত হাজিৰ কৰা হ’ব হায়দৰাবাদৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট বুটচিবাবু গোৰাণ্টলাক ।
দিল্লীৰ আবকাৰী নীতিৰ ‘প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত' ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাৰ প্ৰাক্তন চাৰ্টাৰ্ড একাউণ্টেণ্ট বুটচিবাবু গোৰান্তলাক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে । চিবিআইয়ে জনোৱা মতে, হায়দৰাবাদৰ পাইকাৰী আৰু খুচুৰা অনুজ্ঞাপত্ৰধাৰী আৰু তেওঁলোকৰ হিতাধিকাৰী মালিকসকলৰ বিৰুদ্ধেও অসৎ উপায়েৰে অৰ্থ আদায়ৰ অভিযোগ উত্থাপন কৰা হৈছে । বুধবাৰে তেওঁক আদালতত হাজিৰ কৰা হ’ব ।এতিয়া বাতিল হোৱা দিল্লী আবকাৰী নীতিয়ে দেশৰ ৰাজধানীত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল আৰু দিল্লীত বিজেপি চৰকাৰৰ প্ৰতিনিধি হিচাপে দেখা পোৱা লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই এই নীতিৰ সৈতে জড়িত শীৰ্ষ ব্যক্তিসকলৰ ওপৰত পূৰ্ণাংগ তদন্ত আৰম্ভ কৰিছিল ।
Comments