গুৱাহাটী, ৮ ফেব্ৰুৱাৰীঃ ৰিয়েলিটি শ্ব'ৰ কুইন হিচাপে খ্যাত ৰাখী সাৱন্তে স্বামী আদিল দুৰানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে মুম্বাই আৰক্ষীয়ে বুধবাৰে আদিলক গ্ৰেপ্তাৰ কৰে। আদিলৰ বিৰুদ্ধে পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ওছিৱাৰা আৰক্ষীয়ে আদিল দুৰানীৰ বিৰুদ্ধে আইপিচি দ্বিতীয় ৪০৬ আৰু ৪২০ ৰ অধীনত এজাহাৰ দাখিল কৰে। পিছত সন্ধিয়া, আৰক্ষীয়ে এজাহাৰখনত আইপিচিৰ ধাৰা ৪৯৮ (এ) আৰু ৩৭৭ যোগ কৰে। আদিলক বুধবাৰে আদালতত হাজিৰ কৰোৱা হ'ব। ইপিনে, ৰাখীয়ে আদিলৰ বিৰুদ্ধে আক্ৰমণ কৰা আৰু অজ্ঞাতে ফ্লেটৰ পৰা ধন-গহনা আদি লুটি নিয়াৰ অভিযোগ উত্থাপন কৰিছে।
মুম্বাইৰ ওশিৱাৰা আৰক্ষী থানাৰ বাহিৰত ৰাখীয়ে দাবী কৰি কয় যে, "আদিলে পুৱা মোক ঘৰত মাৰপিট কৰিবলৈ আহে, তেতিয়া মই লগে লগে আৰক্ষীক ফোন কৰো। তেওঁ সঘনাই মোৰ ঘৰলৈ আহি ভাবুকি দি যায়। আজিও তেওঁ মোক ঘৰত মাৰিবলৈ আহে, যাৰ ফলত মই ভীতিগ্ৰস্ত হৈ পৰো। মোক সমাজৰ আগত এনেই বদনাম কৰা হৈছে।"
Comments