গুৱাহাটী, ৯ ফেব্ৰুৱাৰীঃ পৃথিৱীত এনে বহুতো ইছলামিক দেশ আছে য'ত আজিও মৌলবাদীসকলৰ আদেশ দেশৰ আইনৰ উৰ্ধত। এনে দেশবোৰত মৰেল পুলিচিঙৰ নামত, লোকসকলক বিভিন্ন ধৰণে শাস্তি দিয়া হয়। সেইবোৰ চাবুকেৰে মৰাৰ পৰা আন বহু কঠোৰ শাস্তিলৈকে অন্তৰ্ভুক্ত হৈ থাকে। পাকিস্তানত, আৰক্ষীলৈ অপেক্ষা নকৰি মানুহে নিজেই বিচাৰ কৰি দোষীক ঘটনাস্থলীতে শাস্তি দিয়ে। পৰিসংখ্যা অনুসৰি, ইছলাম হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ধৰ্ম। ইয়াৰ অৰ্থ হৈছে বিশ্বৰ জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ মুছলমান। অৱশ্যে, কিছুমান দেশ এই দেশবোৰতকৈ উদাৰ, য'ত কেৱল তেওঁলোকৰ ধৰ্ম আৰু দেশৰ লোকই নহয়, আন দেশ আৰু অন্যান্য ধৰ্মৰ লোকসকলকো উদাৰভাৱে একে ব্যৱহাৰ কৰে।
ভাৰতৰ অতিকৈ ঘনিষ্ঠ এই বিশেষ ইছলামিক দেশখন হৈছে ইউনাইটেড আৰৱ ইমিৰেট চমুকৈ ইউ.এ.ই., য'ত শেহতীয়াকৈ এখন আইন প্ৰস্তুত কৰা হৈছে যি সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছে। প্ৰকৃততে, ইউ.এ.ই.-ৰ এই আইনত, দেশখনত বাস কৰা বিদেশীসকলক তেওঁলোকৰ মতে জীয়াই থকাৰ লগতে ধৰ্মীয় স্বাধীনতা প্ৰদান কৰা হৈছে। লগতে তাত আন ধৰ্মক অনুসৰণ কৰা অবিবাহিত ছোৱালীবোৰকো মাতৃত্ব অৰ্জন কৰিবলৈ অনুমতি দিয়া হৈছে।
Comments