Cartoon
View Older
গুৱাহাটী, ৯ ফেব্ৰুৱাৰীঃ বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষে দক্ষিণ কামৰূপৰ তিনিটাকৈ স্থানত বিশেষ অভিযান চলায়। সূত্ৰ অনুসৰি, সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰা গোচৰত এই অভিযান চলোৱা হয়। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
তথ্য অনুসৰি, সাংসদগৰাকীয়ে তিনিটা পথৰ কামৰ বাবে পুঁজিত ১৬ লাখ টকা লাভ কৰে। এনেদৰে সৰ্বমুঠ সাংসদ পুঁজিৰ পৰা পথ মুকলি কৰিবলৈ ৪৮ লাখ টকা লাভ কৰিছে। ইপিনে, ভিজিলেন্সৰ দলে তিনিটা পথত জৰীপ চলাই কোনো কাম নকৰাৰ প্ৰমাণ দাখিল কৰে।
Comments