Cartoon
View Older
গুৱাহাটী, ৯ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে ধিং গেটত চলোৱা এক অভিযানত নকল ভাৰতীয় নোটসহ দুজন লোকক আটক কৰে। নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি অভিযান চলাই আৰক্ষীয়ে নকল নোটখিনি জব্দ কৰাৰ লগতে দুজন লোকক হাতে-লোটে আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক দুজন শ্বৰাফত আলী আৰু নুৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰোপৰি, আৰক্ষীয়ে ৩৩,৫২,৫০০ টকাৰ জাল নোট জব্দ কৰে। দুৰ্বৃত্তসকলে নোটবোৰ বজাৰত মুকলি কৰি প্ৰচলন কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে, জাল নোটৰ উপৰিও আৰক্ষীয়ে অপৰাধী দুজনৰ কৱলৰ পৰা এখন বাহনও জব্দ কৰে। গাড়ীখন অৰুণাচল প্ৰদেশৰ পঞ্জীয়ন নম্বৰ আছে, যাৰ দ্বাৰা এক আন্তঃৰাজ্যিক ৰেকেট চলাই অহাৰ সম্ভাৱনা প্ৰকট হৈছে। আৰক্ষীয়ে জব্দ কৰা গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হৈছে এ আৰ ০১ এন ৩১২০।
Comments