গুৱাহাটী,৯ ফেব্ৰুৱাৰী:দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ বাবে বহুকেইখন জনকল্যানমূলক আঁচনি গ্ৰহণ কৰিছে । এই আঁচনি সমূহৰ ভিতৰত এখন অন্যতম আঁচনি হৈছে "আয়ুষ্মান ভাৰত যোজনা" আঁচনি ।নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দেশৰ দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ তথা উন্নত চিকিৎসা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আৰম্ভ কৰিছে এই আয়ুষ্মান ভাৰত যোজনা । বহু সময়ত ধনৰ অভাৱত দৰিদ্ৰ লোকে সু চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ ফলত বহুলোক মৃত্যুমুখত পৰিবলগীয়াও হয় ৷ সেয়াহে, কেন্দ্ৰীয় চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে ৰূপায়ণ কৰিছে এই আঁচনি ৷ এই আঁচনিখনৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চিকিৎসালয়ত ৫ লাখ টকালৈকে চিকিৎসা সেৱা প্ৰদান কৰা হয় । এই আঁচনিখন দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ৰূপায়িত হৈ আহিছে ৷
অসমৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ড উপলব্ধ কৰিবলৈ পঞ্চায়তসমূহৰ লগতে ৱাৰ্ড সমূহতো এই কাৰ্ড বনোৱাৰ ব্যৱস্থা কৰা হৈছে । একেদৰে নগাঁৱৰ পঞ্চায়তসমূহৰ লগতে ৱাৰ্ডসমূহতো এই কাৰ্ড বনোৱাৰ ব্যৱস্থা কৰা হৈছে । এই কাৰ্ড, ৰেচন কাৰ্ড প্ৰাপ্ত হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যৰ বাবে উপলব্ধ ।আয়ুষ্মান ভাৰত কাৰ্ডত আবেদন কৰিবলৈ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু আবেদনকাৰী গৰাকীৰ এটি সক্ৰিয় মোবাইল নম্বৰৰ প্ৰয়োজন । জিলা অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) প্ৰশান্ত বৰুৱাই জানিব দিয়া মতে জিলাখনৰ তিনি লাখ আঠ হাজাৰ একশ ৰেচন কাৰ্ড থকা পৰিয়ালৰ ১৩ লাখ ৫১ হাজাৰ ৫০৪ গৰাকী সদস্যক এই আয়ুষ্মান কাৰ্ড প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে ।
Comments