Cartoon
View Older
গুৱাহাটী, ৯ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে পুৱা মাৰ্ঘেৰিটাত আৰক্ষী বাহিনী আৰু আলফা (স্বা)ৰ কেডাৰৰ মাজত সংঘৰ্ষ হোৱাত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে। সূত্ৰ অনুসৰি, তিনিচুকীয়াৰ মাৰ্ঘেৰিটা চহৰৰ ওচৰৰ লিডুৰ টিকক পৰ্বতৰ ওচৰত এই ঘটনা সংঘটিত হৈছে। য'ত বিশেষ তথ্যৰ ওপৰত ভিত্তি কৰি অভিযান চলাই আৰক্ষীয়ে গোপনে আশ্ৰয় লৈ থকা আলফা (স্বা) কেডাৰৰ এটা গোটক আটক কৰিবলৈ যায়।
পৰৱৰ্তী সময়ত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা সংঘটিত হয় য'ত কেইবাজনো লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। আৰক্ষী বিষয়াসকলে জনোৱা অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা পুৱাৰ ভাগত গুলীবৰ্ষণ আৰম্ভ হয়।
Comments