গুৱাহাটী, ১৩ ফেব্ৰুৱাৰীঃ ত্ৰিপুৰাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে, য'ত ৰাজ্যখনৰ বেলোনিয়া আৰু বিশালগড় সমষ্টিত হোৱা সংঘৰ্ষত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। সূত্ৰ অনুসৰি, ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি – মাৰ্ক্সবাদী (চিপিআই-এম)ৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। তদুপৰি, এই সংঘৰ্ষত কংগ্ৰেছ দলৰ কেইবাজনো কৰ্মীও জড়িত আছে বুলি সূত্ৰযোগে জানিব পৰা গৈছে।
উক্ত ঘটনাটো দেওবাৰে পুৱা সংঘটিত হয়, য'ত প্ৰায় ১০ জন লোক আঘাতপ্ৰাপ্ত হয়। বিজেপি কৰ্মীসকলে বেলোনিয়াত চিপিআই-এমৰ এটা প্ৰচাৰ অভিযানত প্ৰৱেশ কৰে, যাৰ পিছত গেৰুৱা দলটোৰ পাঁচজন কৰ্মী আহত হয়। ইপিনে, বিশালগড়ত, বিজেপিৰ কৰ্মীসকলৰ আক্ৰমণত পাঁচজন কংগ্ৰেছ কৰ্মী আঘাতপ্ৰাপ্ত হৈছে। পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় য'ত তেওঁলোক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।
Comments