Cartoon
View Older
গুৱাহাটী, ১৩ ফেব্ৰুৱাৰীঃ মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ (এমপিচিচি) উপ-সভাপতি হৰেশ্বৰ গোস্বামীৰ বাসগৃহত কেইবাজাই গুলী চালনা কৰা হৈছে বুলি সূত্ৰযোগে জানিব পৰা গৈছে। উক্ত ঘটনাটো ইম্ফল পূব জিলাৰ ৱাংকেই কোনচাম লেইকাই অঞ্চলৰ তেওঁৰ বাসগৃহত সংঘটিত হৈছে।
সৌভাগ্যক্ৰমে, ঘটনাটোত কাৰো ক্ষতি হোৱা নাই। বৰ্তমান উক্ত বিষয় সন্দৰ্ভত পৰম্পাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, গোস্বামীৰ বাসগৃহৰ গেটৰ পৰা এটা ৯ এমএম পিষ্টলৰ কমেও ১০ টা খালী কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছে। লগতে, বন্দুকধাৰীসকলে এখন গাড়ীৰ পৰা ওলাই আহি গেটত গুলী চালনা কৰে পিছত পলায়ন কৰে। সমগ্র ঘটনাটো চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে।
Comments