গুৱাহাটী,১১ ফেব্ৰুৱাৰী:উত্তৰ-পূবৰ ৰাজ্য নগালেণ্ডত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ ১৭ দিন পূৰ্বেই ৰাজ্যখনে লাভ কৰিলে প্ৰথম গৰাকী বিধায়ক।কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰাৰ্থী কাঝেটো কিমিনি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। তেওঁৰ বিৰুদ্ধে একমাত্ৰ প্ৰাৰ্থী আছিল কংগ্ৰেছৰ ৪৭ বছৰীয়া খেকাচে চুমী।
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত অৰ্থাৎ শুকুৰবাৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে গ্ৰহণ কৰা এই সিদ্ধান্তত দলীয় নেতৃত্বৰ লগতে কৰ্মী সকল ক্ষুন্ন হৈ পৰিছে।নগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া ভি শশাংক শেখৰে কয় যে নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কাজেটো কিনিমী ৩১ নং আকুলুটো বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী খেকাচে চুমীয়ে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত সহজ বিজয় লাভ কৰে বিজেপিয়ে।
Comments