Cartoon
View Older
গুৱাহাটী,১৭ ফেব্ৰুৱাৰী:বিচিচিআইৰ নিৰ্বাচকসকলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে চেতন শৰ্মাই। বাতৰি অনুসৰি, তেওঁ সচিব জয় শ্বাহলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। বোৰ্ডে তেওঁৰ বিৰুদ্ধে যে ব্যৱস্থা ল’ব পাৰে তেওঁ ইতিমধ্যে তাৰ এটা ইংগিত পাইছিল। অৱশ্যে তাৰ আগতে তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়াৰ কথা আছিল। কিন্তু তাৰ পূৰ্বে চেতনে পদত্যাগ কৰিলে।
কেইদিনমান পূৰ্বে চেতন শৰ্মাৰ নাম এটা টিভি চেনেলৰ ‘ষ্টিং অপাৰেচন’ত জড়িত হৈছিল। তাত তেওঁ সৌৰভ গাংগুলী আৰু বিৰাট কোহলীৰ মাজত আত্মগৰ্বৰ যুঁজ, যশপ্ৰীত বুমৰাহৰ বিষ উপশমকাৰী বেজীৰ সৈতে বলপূৰ্বক খেল আদিৰ বিষয়ে কৈছিল। ধাৰণা কৰা হৈছে যে ইয়াৰ পৰিণতিতে তেওঁ পদত্যাগ কৰিছে।যোৱা বছৰ টী-২০ বিশ্বকাপত ভাৰতৰ বিফলতাৰ পিছত বোৰ্ডে চেতনকে ধৰি সমগ্ৰ বাছনি সমিতিক আঁতৰাই দিছিল।
Comments