Cartoon
View Older
গুৱাহাটী, ১৮ ফেব্ৰুৱাৰীঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে (আৰচিবি) উদ্বোধনী মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) ২০২৩-ৰ আগতে তাৰকা ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাক মহিলা দলৰ অধিনায়ক হিচাপে ঘোষণা কৰে।
বাওঁহাতৰ ভাৰতৰ বেটাৰ স্মৃতি মান্ধানাক শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত নিলামত ৩.৪০ কোটি টকাত স্বাক্ষৰ কৰা হৈছে, যি হৈছে ডব্লিউপিএল নিলামত এজন খেলুৱৈৰ বাবে সৰ্বাধিক মূল্য।
স্মৃতি মান্ধানাক অধিনায়ক হিচাপে ঘোষণা কৰাৰ সন্দৰ্ভত আৰচিবিৰ অধ্যক্ষ প্ৰথমেশ মিশ্ৰাই কয় যে, "স্মৃতি আমাৰ প্লে ব'ল্ড দৰ্শন আৰু ক্ৰিকেট পৰিকল্পনাৰ কেন্দ্ৰবিন্দু। আমি তেওঁক নেতৃত্বৰ ভূমিকা প্ৰদান কৰিছো, আৰু আমি নিশ্চিত যে স্মৃতিয়ে আৰচিবিক অধিক উচ্চতালৈ লৈ যাব।"
Comments